Sunday, July 6, 2025
Homeঅসমদুধনৈত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ

দুধনৈত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ

👉 গোৱালপাৰা জিলাৰ দুধনৈত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ ৷ টেবলেট সহ এটা সৰবৰাহকাৰীক আটক ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ৰাক্ষসিনি গাৰোপাৰাৰ দ্বিতীয় খণ্ডৰ মইনুল ইছলাম ৷
👉 এক গোপন সূত্ৰৰ পম খেদি দুধনৈ আৰক্ষীয়ে পুৱা অভিযান চলাই দুধনৈ-চিলুক সংযোগী পথত জব্দ কৰে বৃহৎ পৰিমাণ Tapentadol Tablets নামৰ নিচা জাতীয় টেবলেট ৷
👉 AS-26F-3155 নম্বৰৰ বাহনেৰে কোচবিহাৰৰ পৰা মেঘালয়ৰ বাঘমাৰা লৈ সৰবৰাহ কৰাৰ সময়তে দুধনৈ আৰক্ষীয়ে জব্দ কৰে নিচা জাতীয় টেবলেটৰ বোৰ ৷ অতি কৌশলেৰে বাহনৰ ইঞ্জিনত বৰাই লৈ আহিছিল ধৃত মইনুল ইছলামে ৷ বাহন পৰা আৰক্ষীয়ে ১১,৯৫০টা নিচা জাতীয় টেবলেট জব্দ কৰে ৷ টেবলেটৰ মূল্য ৫ লাখ ৩০ হেজাৰ টকা বুলি স্বীকাৰোক্তি দিয়ে ধৃত মইনুলে ৷
👉 ঘটনাস্থলীত গোৱালপাৰা জিলা উপ আৰক্ষী অধীক্ষক দীপাংকৰ ডেকাৰাজা উপস্থিত হৈছে ৷
👉 উল্লেখ্য যে, আটকাধীন মইনুল ইছলামৰ লগত আন দুটা সৰবৰাহকাৰী আছিল যদিও পলাবলৈ সক্ষম হৈছে ৷ জব্দকৃত নিচা জাতীয় টেবলেটৰ ওজন ৫ কিলো ৬ গ্ৰাম ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments