Monday, July 7, 2025
Homeঅসমবিবাহ নিষিদ্ধকৰণত বিজেপিলৈ অনুৰোধ বদৰুদ্দিনৰ আজমলৰ

বিবাহ নিষিদ্ধকৰণত বিজেপিলৈ অনুৰোধ বদৰুদ্দিনৰ আজমলৰ

ডিজিটেল ডেস্ক, anews24x7: অসমৰ ধুবুৰী সমষ্টিৰ লোকসভাৰ সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসম চৰকাৰক বহুবিবাহৰ কু-প্ৰভাৱ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাতকৈ সজাগতা বিয়পাই দিবলৈ অনুৰোধ জনাইছে শাসনাধীষ্ঠ বিজেপি চৰকাৰক।মঙলবাৰে ‘শান্তি আৰু ন্যায়’ বিষয়ক বিভিন্ন ধৰ্মৰ মুৰব্বীসকলৰ বৈঠকত এই মন্তব্য কৰে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ।

ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ লক্ষ্যৰে প্ৰস্তাৱিত আইনখনক লৈ অসম চৰকাৰে জনমত বিচাৰি অধিসূচনা জাৰি কৰাৰ মাত্ৰ এদিন পিছতে এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীৰ এই মন্তব্য।‘ইছলামত বহুবিবাহ বাধ্যতামূলক নহয়। যদি কোনোবাই এবাৰতকৈ অধিক বিয়া কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁক সেইটো কৰাৰ বিৰুদ্ধে বুজাব লাগে বুলি মন্তব্য প্ৰদান কৰে আজমলে।আকৌ কয় যে ইয়াৰ পূৰ্বে অসম চৰকাৰে গঠন কৰা চাৰিজনীয়া এখন কমিটীয়ে নিজৰ প্ৰতিবেদন দাখিল কৰি বহুবিবাহৰ অন্ত পেলাবলৈ আইন প্ৰণয়ন কৰে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত চাৰিজনীয়া বিশেষজ্ঞৰ পেনেলটোত অসমৰ অধিবক্তা দেৱজিৎ শইকীয়া, অসমৰ অতিৰিক্ত অধিবক্তা নলিন কোহলী আৰু উচ্চ ন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামানে অংশগ্ৰহণ কৰে।‘আদালতে স্পষ্ট কৰি দিছে যে সুৰক্ষা লাভ কৰিবলৈ ধৰ্মীয় আচাৰ-ব্যৱহাৰ অপৰিহাৰ্য আৰু ধৰ্মৰ অবিচ্ছেদ্য হ’ব লাগিব। ইছলামৰ প্ৰতি সন্মান জনাই আদালতে ৰায় দিছে যে এগৰাকীতকৈ অধিক পত্নী থকাটো ধৰ্মৰ অপৰিহাৰ্য অংগ নহয়। পত্নীৰ সংখ্যা সীমিত কৰা আইন প্ৰণয়নে ধৰ্ম পালনৰ অধিকাৰত বাধা নিদিয়ে আৰু ই ‘সামাজিক কল্যাণ আৰু সংস্কাৰ’ৰ পৰিসৰৰ ভিতৰত আছে,” বিশেষজ্ঞসকলে দাখিল কৰা প্ৰতিবেদনত উল্লেখ থকাৰ কথা আজমলে কয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments