- ৰাজ্যত বিলুপ্ত হ’ল ৯৪৪টা নিম্নস্নাতক শিক্ষকৰ পদ
- ৰাজ্যৰ বিভিন্ন স্থানৰ LP আৰু UPত আছিল এইসমূহ পদ
- উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে ইতিমধ্যে একত্ৰীকৰণ হৈছে সংশ্লিষ্ট LP-UPসমূহ
- হাইস্কুল পৰ্যায়ত শিক্ষকৰ ন্যূনতম শিক্ষাগত অর্হতা স্নাতক
- ইয়াৰ বাবে বিলুপ্তি ঘটোৱা হৈছে ৯৪৪টা নিম্ন স্নাতকৰ পদ
- অৱশ্যে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদর্শ হাইস্কুলৰ বাবে নতুনকৈ সৃষ্টি হ’ব ৯৪৪টা স্নাতক শিক্ষকৰ পদ
- লগতে নতুনকৈ সৃষ্টি হ’ব ১১৮খন চাহ বাগিচা আদর্শ হাইস্কুলৰ প্রধান শিক্ষকৰ পদ
- ইয়াৰ বাবে প্রয়োজনীয় নির্দেশনা জাৰি কৰিলে মাধ্যমিক সঞ্চালক মমতা হোজায়ে