Wednesday, March 11, 2026
Homeঅসমআছাৰ শোক প্ৰকাশ

আছাৰ শোক প্ৰকাশ

পানেৰী হাই ছেকেণ্ডাৰীৰ প্ৰাক্তন শিক্ষাগুৰু, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ অবিভক্ত দৰং জিলাৰ প্ৰাক্তন উপদেষ্টা, আদিবাসী জাতীয় মহাসভা (Adivasi National Covention) ৰ সাধাৰণ সম্পাদক, কুড়ুখ সাহিত্য সভাৰ‌ প্ৰতিষ্ঠাপক সম্পাদক আলেক্স মিঞ্জ ( 67) ৰ পুৱতি নিশা ২-০০ বজাত পৰলোক প্ৰাপ্তি হয়।

দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা আলেক্স মিঞ্জ একেধাৰে শিক্ষক, সমাজ সেৱক আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ‌ লগত‌ জড়িত ব্যক্তি আছিল। তেখেতৰ মৃত্যুত পিছপৰা সমাজখনৰ এক‌ অপুৰণীয় ক্ষতি । মৃত্যুৰ সময়ত তেখেতে পত্নী, পুত্ৰ- জীয়েকৰ লগতে বহুতো আত্মীয়-স্বজন আৰু শুভকাঙ্খীক এই সংসাৰত এৰি থৈ যায়।

তেখেতৰ মৃত্যুত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ৰ উপদেষ্টা অনিল টপ্প, সভাপতি ৰেজেন হৰ, সম্পাদক দেবেন ওৰাং , ৰবিৰাম বাস্কে, জিলা সভাপতি সম্পাদক ক্ৰমে বাবুল পাইক, শিৱলাল পানিকাৰ লগতে সমুহ আছা’ৰ পৰিয়ালে গভীৰ‌ শোক প্ৰকাশ কৰাৰ‌ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা‌ জ্ঞাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments