Saturday, July 5, 2025
Homeঅৰ্থনীতিবন্ধন বেংকে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনলৈ আগবঢ়ালে চিএছআৰ সাহায্য

বন্ধন বেংকে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনলৈ আগবঢ়ালে চিএছআৰ সাহায্য

এচিচিএফ হৈছে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ অংশীদাৰিত্ব

গুৱাহাটী, ১ জুলাই, ২০২৫: সমগ্ৰ দেশৰ সাৰ্বজনীন বেংক বন্ধন বেংকে আজি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ অংশীদাৰিত্বৰ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন(এচিচিএফ)লৈ চিএছআৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই অনুদানৰ জৰিয়তে অহা দুবছৰত অসমৰ ১৭ খন জিলাৰ ৰোগীক ঘৰৰ ওচৰত মানসম্পন্ন আৰু সুলভ মূল্যৰ কেন্সাৰ ৰোগৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হ’ব।


এই পদক্ষেপ বন্ধন বেংকৰ এক সুস্থ আৰু অধিক সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি আছে। এই বৰঙণিৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসাৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে ৰোগীসকলক সহায় কৰা হ’ব, গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত হ’ব আৰু পৰিয়ালৰ বাবে আৰ্থিক কষ্ট হ্ৰাস কৰাত সহায় কৰিব। অসমত বন্ধন বেংকৰ প্ৰায় ৫০০ গ্ৰাহক সেৱাকেন্দ্ৰ আছে, যিয়ে সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৫ লাখ গ্ৰাহকক সামৰি লৈছে।


গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ জৰিয়তে চি এছ আৰ সহযোগিতা আনুষ্ঠানিক কৰি তোলা হয়। এই অনুষ্ঠানত এম ই আৰ ডিৰ সচিব তথা আইএএছ বিষয়া প্ৰণৱ কুমাৰ শৰ্মা, বন্ধন বেংকৰ এমডি তথা চিইঅ’ পাৰ্থ প্ৰতিম সেনগুপ্ত, এচিচিএফৰ চিঅ’অ’ ডাঃ (মেজৰ জেনেৰেল) জয় প্ৰকাশ প্ৰসাদৰ লগতে টাটা ট্ৰাষ্ট, এচিচিএফ আৰু বন্ধন বেংকৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

এই বিষয়ে সদৰি কৰি বন্ধন বেংকৰ এমডি তথা চিইঅ’ পাৰ্থ প্ৰতিম সেনগুপ্তাই কয় যে,”এক উদ্দেশ্যপূৰ্ণ আৰু প্ৰগতিশীল সমাজৰ বাবে মানসম্পন্ন স্বাস্থ্যসেৱা অতিকৈ প্ৰয়োজনীয়। বন্ধন বেংকে সদায়ে ৰাজ্যখনৰ জনসাধাৰণক সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ জনসাধাৰণৰ বেংকিং আৰু বিত্তীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে সমগ্ৰ অসমত প্ৰায় ৫০০ সেৱাকেন্দ্ৰ আছে। সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ অসুবিধাগ্ৰস্ত ৰোগীসকলক কেন্সাৰ কেয়াৰত সৰ্বাংগীন সহায়ৰ বাবে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনলৈ চি এছ আৰ অনুদানৰ সহায় আমি আগবঢ়াইছোঁ। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই আমি আনন্দিত।”
এচিচিএফৰ চিঅ’অ’ ডাঃ (মেজৰ জেনেৰেল) জয় প্ৰকাশ প্ৰসাদে এই বিষয়ে কয় যে, “এই সহযোগিতাই কৰ্কট ৰোগীৰ ওপৰত বোজা লাঘৱ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰিছে, যাৰ বহুতেই আৰ্থিক অভাৱৰ বাবে চিকিৎসা বন্ধ কৰিবলৈ বাধ্য হয়।”


বন্ধন বেংকে আগবঢ়োৱা চিএছআৰ অনুদানে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন(এচিচিএফ)ৰ সহযোগত অভাবী-পিছপৰা আৰু দৰিদ্ৰ ৰোগীসকলক সুলভ আৰু অত্যাধুনিক কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লক্ষ্যত সহায় কৰিব। স্বাস্থ্যসেৱাৰ খৰচ প্ৰত্যক্ষভাৱে আগবঢ়াই এই অনুদানে দৰিদ্ৰ পৰিয়ালবোৰৰ ওপৰত যথেষ্ট বিত্তীয় বোজা হ্ৰাস কৰিব, যাৰ ফলত এইসকল লোকে অৰ্থনৈতিক খৰচলৈ চিন্তা নকৰাকৈয়ে অত্যাৱশ্যকীয় চিকিৎসা সেৱা গ্ৰহণ-অনুসৰণ কৰিবলৈ সক্ষম হ’ব। ”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments