Saturday, July 5, 2025
Homeঅসমঅজুহাত পালেই গুচি যাব বিচৰা এজন খেয়ালি মানুহ, হীৰু দা বিহীন ১৩...

অজুহাত পালেই গুচি যাব বিচৰা এজন খেয়ালি মানুহ, হীৰু দা বিহীন ১৩ টা বছৰ

অজুহাত পালেই গুচি যাব বিচৰা এজন খেয়ালি মানুহ। মানুহ জনেই আছিল এটা কবিতা। মিচিকিয়া হাঁহি, চন্দহীন খোজ, উদাস দৃষ্টি আৰু বগা চুলি কোচাৰে হীৰু দা নামৰ এই মানুহজন আছিল সকলোৰে চিনাকি। শব্দৰে তেওঁ মোহনীয় কৰি তোলে অনুভৱবোৰ। যাৰ বাবে তেওঁ ক’ব পাৰে মৃত্যু এক শিল্প…

শব্দত প্ৰাণ দিব পৰা এই মানুহজন আজিৰ দিনটোতে গুচিগৈছিল পৃথিৱীৰ মায়া এৰি। কাব্যপ্ৰেমীৰ বুকুত তেতিয়াৰ পৰাই হীৰু দা বিহীন শূণ্যতা।তেওঁৰ কবিতাবোৰ আছিল কহুৱা কোমল। অনুভৱৰ বৰষুণত তিতি তেওঁ শব্দৰে খেলোতে খেয়ালিমনটো জীপাল হৈ উঠিছিল।

২০১২ চনৰ ৪ জুলাই। সমাপ্তি ঘটিছিল সুগন্ধি পখিলাৰ কবি হীৰেণভট্টাচাৰ্যৰ জীৱন নাটৰ। ১৯৩২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেণভট্টাচাৰ্যই যেন কবিতাৰ মাজেৰে অনুভৱক জীৱন্ত ৰূপ দিব জানিছিল। তেওঁৰ কবিতাই সেইবাবেই স্পৰ্শ কৰিব পাৰিছিল পাঠকৰ হদয়। অতি সহজ সৰল ভাৱে তেওঁ লিখিছিল একো একোটাকবিতা। পঞ্চাশৰ দশকতে কবিতাক আধুনিক ৰূপ দি হীৰেণ ভট্টাচাৰ্যই কবিতাক মানুহৰ মাজলৈলৈ আনিবলৈ সক্ষম হৈছিল।

‘মই পুৰণি কবিতা লিখিব নাজানো।’ -এদিন এনেকৈয়ে কৈছিল হীৰু দাই। কলমটো তেওঁ হাতত ল’লেই তেওঁৰচৌপাশে শব্দবোৰে জোনাকী পৰুৱাৰ দৰে ধিপিক ধাপাক কৰি ঘূৰি ফুৰিছিল। তাৰ মাজৰ এটা এটাকৈশব্দবোৰ ধৰি আনি তেওঁ গুজি লৈছিল ডায়েৰীৰ পাতত আৰু এনেকৈয়ে প্ৰাণ পায় উঠিছিলকবিতাই। সেই কবিতাই কৈছিল প্ৰেমৰ সংজ্ঞা, দিছিল প্ৰেমৰ বতৰা। আৰু তেওঁৰ কবিতাৰপংক্তিবোৰ হৈ পৰিছিল বহু প্ৰেমিক প্ৰেমিকাৰ মনৰ কথা।

ল’ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল। কিন্তু পঢ়া-শুনা, ঘৰুৱা কাম-কাজ আদি কৰাৰ পাছতো তেওঁ বেছিভাগ সময় আনমনা, অস্থিৰ আৰু কেতিয়াবা বিমৰ্ষ আছিল। বন্ধুহঁতে হৈ-হাল্লা কৰি উৎফুল্ল হৈ থকা সময়ত তেওঁ দূৰণিৰপৰাই সেই দৃশ্য চাই থাকে নাইবা ঘৰৰ এচুকত চকী এখনত মনে মনে বহি থাকে।

হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, “তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব।

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যলৈ মৃত্যু বাৰ্ষিকীত যাচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments