ছমৰীয়াৰ পৰা আমিন ময়নুল হকৰ ৰিপৰ্ট: কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ দোৰশিমূলীত জোৰশিমূলীত আৰক্ষীৰ অভিযান ৷ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী ৷ জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন শৰ্মাাৰ নেতত্বত চলে অভিযান ৷
এটাৰ পিছত এটাকৈ সফল অভিযান আৰক্ষী বিষয়া গৰাকীৰ ৷ আজি এক গোপন সূত্ৰৰ ভিত্তিত জোৰশিমূলী গাঁওত অতৰ্কিতে অভিযান চলায় আটক কৰে আমিনুল আলী নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ৷ আমিনুল আলীৰ ঘৰৰ পৰা ১ পেকেট সন্দেহজনক হেৰোইনৰ লগতে ৮৩টা কৈ খালী কন্টেইনাৰ জব্দ। ড্ৰাগছ মাফিয়া আমিনুল আলীক সম্প্ৰতি জোৰশিমুলী আৰক্ষীৰ জিম্মাত ৰাখি মাৰাথান জেৰা চলাই থকা হৈছে। ধৃত আমিনুল আলীৰ পৰা বহু গোপন তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা প্ৰকট।
