ডুমডুমা তিনিচুকীয়া সংযোগী বাইপাছত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা । আজি চামডাং বাইপাছত তীব্ৰ বেগত অহা এখন বলেৰ’ বাহনে চিকিৎসালয়লৈ গৈ থকা এখন এম্বুলেন্সত খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুইগৰাকীকৈ ব্যক্তি ।
AS 01 RC 5579 নম্বৰৰ এম্বুলেন্সখনে খুবাং চাহ বাগিচাৰ পৰা মাকুম মেডিকেল কলেজলৈ ৰোগী নি থকাৰ অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা AS 01 DG 2445 নম্বৰৰ বলেৰ’ বাহনখনে খুন্দা মাৰে । দুৰ্ঘটনাটোত এম্বুলেন্সখনত থকা দুইগৰাকী ৰোগী গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত মাকুম মেডিকেল কলেজলৈ নিয়া বুলি জানিব পৰা গৈছে । ইতিমধ্যে বলেৰ’খনৰ চালকক আটক কৰিছে ডুমডুমা আৰক্ষীয়ে ।
