ভেৰগাঁওৰ পৰা তীৰ্থ শৰ্মা: বিটিআৰৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰমোদ বড়োৰ শেষ অস্ত্ৰ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ আৰু আৰ্থ সামাজিক সজাগতা কাৰ্যসূচী । বিটিআৰ চৰকাৰে বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত ৰূপায়ন কৰা জনকল্যাণমূলক আঁচনি সমূহ ৰাইজৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে বিটিআৰৰ ৪০টা সমষ্টিতে ইউ পি পি এলে ৰূপায়ণ কৰা সজাগতা সভাৰ অংশ হিচাপে আজি ওদালগুৰিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’য় এই কাৰ্যসূচী।
ভেৰগাঁও মহকুমাধিপতি ৰিংখাং মুছাহাৰীৰ সঞ্চালনাত অনুস্থিত সভাত উপস্থিত থাকি বিটিচি প্ৰধান প্ৰমোদ বড়োই ভাৰতবৰ্ষৰ ভিতৰতে ইতিহাস সৃষ্টি কৰি সফলতাৰে মাটিৰ মেলা অনুস্থিত কৰিছে ৷ বিটিচিত লাখ লাখ মানুহৰ হাতত মাটিৰ পট্ৰা তুলি দিছে বিটিচি চৰকাৰে ৷ এয়া ভাৰতবৰ্ষৰ স্বায়ত্ব শাসিত পৰিষদৰ বাবে এক ইতিহাস বুলি দাৱী কৰে প্ৰমোদ বড়োই ৷ শান্তি স্থাপনেৰে বিটিচিত এক যুগান্তকাৰী ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে এই খন চৰকাৰে। আজিৰ সভাত বিটিচিৰ ই এম দাউবাইছা বড়ো , ৰঞ্জিত বসুমতাৰী , সাংসদ জয়ন্ত বসুমতাৰী , ওদালগুৰি জিলা ইউ পি পি এলৰ সভাপতি নেৰখাং খাকলাৰী , বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী , প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা মাধৱ ছেত্ৰী প্ৰমুখ্যে বহু সংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷ সভাত ভেৰগাঁও সমষ্টিৰ তিনি সহস্ৰাধিক লোক উপস্থিত থাকে ।