গুৱাহাটী, অসম: ৫ আগষ্ট ২০২৫ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা “লোক কল্যাণ দিৱস”ৰ এক ভব্য অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ সহকাৰী অধীক্ষক যামিনী বৰগোহাঁইক ২০২৪-২৫ বৰ্ষৰ সন্মানীয় কৰ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

এই বঁটাটোৱে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাক স্বীকৃতি দিয়ে আৰু “স্বনিৰ্ভৰ নাৰী আঁচনি”ৰ পৰিকল্পনা আৰু ৰূপায়নত তেওঁৰ অসামান্য অৱদানৰ বাবে প্ৰদান কৰা হয়। হস্ততাঁত বস্ত্রশিল্প বিভাগৰ তদানীন্তন সচিব দিলীপ কুমাৰ বৰা, ভা. প্র. সেৱা, বৰ্তমানৰ সচিব বিজয়লক্ষ্মী বৰুৱা, অ. অ.সেৱা, তদানীন্তন সঞ্চালক পৰাগমণি মহন্ত, অ. অ.সেৱাইও স্বনিৰ্ভৰ নাৰী আঁচনিৰ বাবে এই বঁটা লাভ কৰে |

ৰাজহুৱা প্ৰশাসনত দেখুওৱা উৎকৃষ্টতাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটা প্ৰতিবছৰে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীৰ দিনা চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ সমৰ্পিত সেৱা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিৰ বাবে স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয়।

এই অনুষ্ঠানত লোক প্ৰশাসনিক ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ১২টা ক্ষেত্ৰৰ ৩৬ জন ব্যক্তিক ২০২৫ চনৰ “লোক প্রশাসনত বিশেষ পাৰদর্শিতাৰ মুখ্যমন্ত্ৰীৰ বঁটা” প্রদান কৰা হয়।
