লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ১৫০০ টকা হ’ব অৰুণোদয়ৰ ধন।
অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সিদ্ধান্ত অসম চৰকাৰৰ, কেতিয়াৰ পৰা অৰুণোদয়ৰ বৰ্ধিত ধন লাভ কৰিব হিতাধিকাৰীয়ে?
বৃদ্ধি হ’ব অৰুণোদয় আঁচনিৰ ধন। প্ৰতিমাহত অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব ১৫০০কৈ টকা।২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।ৰন্ধন গেছ ক্ৰয় কৰিবলৈ দিয়া হ’ব অতিৰিক্ত ২৫০ টকা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এতিয়া আমি মাহেকত ১২৫০ টকাকৈ দি আছোঁ। জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গেছ কিনিলে আৰু ২৫০ টকা পাব, অৰ্থাৎ ১৫০০ টকাকৈ পাব।’’
