ডিজিটেল ডেস্ক, ANEWS24X7: অসমৰ বৰাক উপত্যকা অঞ্চলৰ এখন বাংলা দৈনিক কাকতৰ প্ৰাক্তন সম্পাদক মহাত্মা গান্ধীৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সাংবাদিক গৰাকীক।আটকাধীন প্ৰবীণ সাংবাদিক গৰাকীৰ নাম অতীন দাস ।পিছত জামিনত মুকলি হয় সাংবাদিক গৰাকী।অসমৰ কাছাৰ জিলাৰ শিলচৰ চহৰৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবীন সাংবাদিক অতীন দাসক।
অসমৰ হাইলাকান্দি সদৰ থানাত কংগ্ৰেছ নেতা চমছুদ্দিন বৰকাশকাৰে দাখিল কৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে তেওঁক।১৪ আগষ্টত ‘বিভাজন বিভিষিকা দিৱস’ (বিভাজন ভয়ানক স্মৃতি দিৱস) উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উস্থাপন হৈছিল অতীন দাসৰ ওপৰত