Saturday, April 25, 2026
Homeঅসমমাজবাট ওৰাংত মূখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত আছাৰ

মাজবাট ওৰাংত মূখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত আছাৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ নৱনিৰ্বাচিত সমিতিয়ে আজি ওদালগুৰিৰ মাজবাট ওৰাঙত কলা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আগন্তুক দিনতো বিজেপি নেতৃত্বাধীন চৰকাৰখনে আদিবাসী ৰাইজক কৰি অহা প্ৰৱল প্ৰতাৰণাৰ উচিৎ প্ৰতুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছ) ই ৷ বিজেপি চৰকাৰখনে আদিবাসী জনগোষ্ঠীটোক দীৰ্ঘদিন ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কিন্তু জনগোষ্ঠীটোৰ সমস্যা সমূহ সামাধান কৰাৰ অকণমানো গুৰুত্ব প্ৰদান কৰা নাই ৷

বিটিএডি ৰ আদিবাসী ৰাইজৰ খৱৰ লোৱাৰ সময় নোপোৱা মূখ্যমন্ত্ৰীজনে আগন্তুক হবলগীয়া বিটিএডি পৰিষদীয় নিৰ্বাচনৰ আগত চাহ শ্ৰমিক ৰাইজৰ পাচবুক একাউণ্টত পাছ হাজাৰ টকা ভৰ্তি কৰা অৰুণোদয় আৰু গৃহ প্ৰদান কৰৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ আজি ওৰাং চাহ বাগিচালৈ আহিছে মাত্ৰ ভোট ভিক্ষা বিচাৰি ৷ আদিবাসী চাহ শ্ৰমিকৰ মূল্য মাত্ৰ পাচ হেজাৰ নেকি বুলি সংগঠনটোৱে প্ৰশ্ন কৰে ৷

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাসকলৰ নিৰ্বাচন আহিলেই আদিবাসী ৰাইজৰলৈ মনত পৰে বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে ৷আছাই ওৰাংত আজি কলা পতাকা পদৰ্শন কৰি বিজেপি হায় হায় বিজেপি গ’ বেগ হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ বিশ্বজিৎ দৈমাৰী মূৰ্দাবাদ পল্লবলোচন দাস মূৰ্দাবাদ কামাখ্যা প্ৰসাদ তাচা মূৰ্দাবাদ আছা জিন্দাবাদ উই ওৱাণ্ট এচ টি ন’ এচ টি ন’ ৰেষ্ট আদিবাসী চাহ শ্ৰমিকক ম্যাদী পট্ৰি প্ৰদান কৰক চাহ শ্ৰমিক সকলক ৫৫১ টকালৈ বৃদ্ধি কৰক আদিবাসী সকলক শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰক আদি বিভিন্ন শ্লগান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে বুলি আছাৰ সাধাৰণ সম্পাদক দেবেন উৰাঙে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে ৷

আজিৰ প্ৰতিবাদী কায্যসূচীত সভাপতি ৰেজান হৰো উপসভাপতি ডেভিদ তিৰ্কী ৰিছা মুণ্ডা ৰিছা মুণ্ডা ইচাক লাক্ৰা অমৰজিত কেৰ্কেটা এলবাৰ্ট ওঢ়েয়া যুটীয়া সম্পাদক দীপক নাগ বৃত্তি সম্পাদক জন কুজুৰ শিক্ষা সম্পাদক প্ৰতাপ সিং গড় ভূমি সম্পাদক ফেদ্ৰিক হাচদা জানী শক্তিৰ সাধাৰণ সম্পাদিকা জোৰিণা বিছু লংগা উপ সভানেত্ৰী পুস্পা খৰা জুচবিনা তিৰ্কী আছা ওদালগুৰি জিলাৰ সম্পাদক চিবলাল পানিকা আছাৰ মাজবাট আঞ্চলিকৰ সভাপতি গোলাপ গড় লগতে আছা আৰু জানি শক্তিৰ কৰ্মকৰ্তা সকল উপস্থিত আছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments