গোৱালপাৰাৰ পৰা চিন্টু নাথৰ ৰিপৰ্ট:গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আজি ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আয়োজন কৰে ।
এই কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা ৯:০০ বজাত জিলা আয়ুক্তৰ কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়
জিলা আয়ুক্ত প্ৰদীপ টিমুং সঞ্চালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত গোৱালপাৰাৰ নবীন -প্ৰবীন শিল্পীসকল উপস্থিত থাকে আৰু সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰে। জিলা আয়ুক্ত আৰু জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰ লগতে জিলা প্ৰশাসনৰ সকলো বিষয়া আৰু কৰ্মচাৰীসকলে ড° ভুপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত ড° ভুপেন হাজৰিকাদেৱৰ সান্নিধ্য লাভ কৰা গোৱালপাৰাৰ ব্যক্তিসকলৰ লগতে জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু আন কেবাগৰাকীও গুণমুগ্ধই ড° ভুপেন হাজৰিকাদেৱৰ বিষয়ে ভাষণ প্ৰদান কৰে।
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত “মানুহে মানুহৰ বাবে ” -শীৰ্ষক গীতটি উপস্থিত সকলোৱে সমূহীয়াকৈ পৰিৱেশন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীসকলেও এটি গীত পৰিৱেশন কৰে।
ইয়াৰ পূৰ্বে জিলা আয়ুক্ত গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত থকা ড° ভুপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
গোৱালপাৰা মহাবিদ্যালয়ৰ উদ্যোগত ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উলিওৱা “সুৰ বাহিনী” উদ্বোধন কৰে।
