অসম চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত। ১৯৫০ চনৰ এখন কঠোৰ আইন বলৱৎ কৰাৰ বাবে SOP প্ৰস্তুত। আইনখন THE IMMIGRANTS (EXPULSION FROM ASSAM) ACT, 1950। এই আইন অনুসৰিয়েই বিদেশী বিতাড়ন সন্দৰ্ভত DCৰ হাতত প্ৰচুৰ ক্ষমতা।
আইনখন প্ৰয়োগৰ SOP জাৰি কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা-এজন মানুহ বিদেশী হয়নে নহয় ১০ দিনৰ ভিতৰত স্পষ্ট হ’ব। আইন অনুসৰি বিদেশী সন্দৰ্ভত তদন্ত কৰিব পাৰিব জিলা আয়ুক্তই। বিদেশী বুলি চিনাক্ত হ’লে ‘পুশ্ববেক’ পৰ্যন্ত কৰিব পাৰিব জিলা আয়ুক্তই।
এয়া অসম চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত হিচাপে পৰিগণিত হ’ব। সাংবিধানিক বিচাৰপীঠে দিয়া নিৰ্দেশানুসৰি এই আইনৰ পুনৰ বাহাল হ’ব। এই আইনখনক LAW OF THE LAND বুলি অভিহিত হিমন্ত বিশ্ব শৰ্মাৰ।
