- ডিগবৈত পথ দুৰ্ঘটনাত এজন ছাত্ৰ থিতাতে নিহত আৰু এজন ছাত্ৰ আহত ।
- তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত পানীখোৱা অঞ্চলত এক শোকাবহ পথ দুৰ্ঘটনাত মটৰ চাইকেলত গৈ থকা এজন ছাত্ৰ ঠিতাতে নিহত হোৱাৰ লগতে এজন ছাত্ৰ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
- দূৰ্ঘটনাত নিহত ছাত্ৰ জন অভিনৱ ভান্দাৰী আৰু আহত ছাত্ৰ জন অমন ৰানা বুলি জানিব পৰা গৈছে ।
- বৰ্তমানো কিদৰে এই ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হল জানিব পৰা নাই ।
- দূৰ্ঘটনাত পতিত মটৰচাইকেল খনৰ নম্বৰ AS 23 AM 6564
- দুয়োজন ছাত্ৰ মটৰ চাইকেলে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ বুলি আহি আছিল আৰু দুয়োজন ছাত্ৰ ডিগবৈ মহাবিদ্যালয়ত অধ্যনত বুলি জানিব পৰা গৈছে ।
- তৎক্ষনাত স্থানীয় ৰাইজে ছাত্ৰ দুযোজনক মাকুম চিকিৎসামহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
