Wednesday, March 11, 2026
Homeঅসমসকলো অভিযোগ আৰু বিষয় এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব: মুখ্যমন্ত্ৰী

সকলো অভিযোগ আৰু বিষয় এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব: মুখ্যমন্ত্ৰী

SIT ৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া l

সকলো অভিযোগ আৰু বিষয় এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব।

SIT ৰ প্ৰতিবেদন খন কৰা হব ৰাজহুৱা l

যাৰ পত্নী পুত্ৰৰ ওপৰত নিয়ন্ত্ৰন নাই তেওঁ কেনেদৰে ৰাইজৰ সেৱা কৰিব l

মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ কোনো কথা শুনি মন্তব্য দিয়াৰ প্ৰয়োজন বোধ নকৰে বুলি মন্তব্য কৰে l

আমি বিহু নৃত্যক সমজুৱা ভাৱে বিশ্ব দৰবাৰলৈ নিছোঁ গতিকে গৌৰৱ গগৈৰ বিহু নৃত্যৰ কথা কৈ গুৰুত্ব দিৱ লগা আছে বুলি নাভাবো — মুখ্যমন্ত্ৰী ড’ শৰ্মাl

আনহাতে কালিৰ দিনটোত হোৱা মৰাণ জনগোষ্ঠীৰ প্ৰতিবাদ আৰু কোঁচ ৰাজবংশীৰ দাবীৰ গুৰুত্ব আছে বুলি প্ৰকাশ কৰি আৰক্ষীৰ ভূমিকাক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে l

উল্লেখ্য যে আজি গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বৰঘুলিত নিৰ্বাচনী প্ৰচাৰ চলাই পূৰ্বে বি টি চিত এন্দুৰ নিগনিৰ লুন্ঠন চলা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে এন্দুৰ নিগনিৰ পৰিচয় লুকাই ৰাখে বুলিও মন্তব্য কৰে l

আনহাতে আপোনালোকে এবাৰ ডাঙৰ বোৱাৰী আৰু পিছত মাজু বোৱাৰীৰ ৰন্ধা খালে l এইবাৰ সৰু বোৱাৰীক ৰান্ধি খুৱাবলৈ সুযোগ দিযক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইবাৰ বিজেপিক সুযোগ দিয়াৰ ভোট দিয়াৰ বাবে আহবান জনায় l

একেলগে আজি তেওঁ গোৰেশ্বৰত নিৰ্বাচনী প্ৰচাৰ চলাই সমস্তিত কেবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপিৰ প্ৰাৰ্থী ডেৰহাছাৰ নাৰ্জাৰীক ভোট দিয়াৰ বাবে আহ্বান জনায় l

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments