Saturday, March 14, 2026
Homeঅসমআজিৰ তাৰিখত ১০ছেপ্তেম্বৰ মানুহৰ মুখে মুখে কিয়?

আজিৰ তাৰিখত ১০ছেপ্তেম্বৰ মানুহৰ মুখে মুখে কিয়?

পৰ্বতঝোৰৰ পৰা মোবাৰক খান:পৰ্বতঝোৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি অসমৰ যুৱৰাজ গৌৰৱ গগৈ।

আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ সময় ক্ৰমান্বয়ে চমু চাপি অহাৰ লগে লগে আজি পৰ্বতঝোৰা জিলা কংগ্ৰেছৰ উদ্যোগত দেবিতলা হাই স্কুল খেল পথাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।

উল্লেখ্য যে আজি আবেলি আনুমানিক ২-৩০ টা মান বজাত দেবিতলা হাই স্কুল খেলপথাৰত পৰ্বতঝোৰা জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ প্ৰথমে শাসকীয় বিজেপি দলক ক্ষুৰদাৰ সমালোচনা কৰে। লগতে বিটিচি পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সহেন কুমাৰ ব্ৰহ্মক উপস্থিত ৰাইজক ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় লগতে বিটিচি পৰিষদীয় নিৰ্বাচনত যুদ্ধ এখন হ’ব বুলি দৃঢ়তাৰে নিজৰ ভাষণত উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একমাত্ৰ টাৰ্গেট কৰি নিজৰ ভাষণত থকাসৰকা কৰে।লগতে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি গৰাকীয়ে কয় যে বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলৰ চৰকাৰে তথা বিপিএফ দলে বিবিচিবাসী  ৰাইজৰ লগত চৰম প্ৰতাৰণাকৰিছে।

আজিৰ নিৰ্বাচনী সভাত সংগ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীকে আদি কৰি ভালে সংখ্যক নেতৃবৃন্দ উপস্থিত থকাৰ লগতে কেবা সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থক ৰাইজৰ উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ সভা খন সাফল্য মণ্ডিত কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments