ডিজিটেল ডেস্ক, ANEWS24X7:অহা মাহত অসমৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা।
এই কথা অৱগত কৰে অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতা ডেকাই।অসমৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া উইংটোৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সভাত দেশৰ বিভিন্ন ৰাজ্যৰ মহিলা মর্চা ইউনিটৰ প্রায় ২০০ প্রতিনিধিয়ে অংশগ্রহণ কৰিব বুলি উল্লেখ কৰে৷
লক্ষণীয়ভাৱে উত্তৰ-পূব অঞ্চলত বিজেপিৰ মহিলা শাখাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব প্রথমবাৰৰ বাবে৷অহা ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই বৈঠক।’- এই মন্তব্য অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী অংগুৰলতা ডেকাই।
দুদিনীয়া বৈঠক খন অনুষ্ঠিত হ’ব অটল বিহাৰী বাজপেয়ী ভৱন – গুৱাহাটীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয়।অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী অংগুৰলতা ডেকাই কয় যে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ মহিলা শাখাৰ সদস্যসকলে অংশগ্ৰহণ কৰিব।