Wednesday, April 29, 2026
Homeঅৰ্থনীতিসিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি

মেনেজাৰ সিদ্ধাৰ্থৰ বাসগৃহৰ বাহিৰত নিশা অনুৰাগীৰ হুংকাৰ। ‘সিদ্ধাৰ্থক কোনো কাৰনতে সাৰি যাবলৈ দিয়া নহ’ব’। আৰক্ষীৰ লাঠীচাৰ্জ। SITৰ বাহনলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ।

আজি সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত অভিযান চলায় SITয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে উপস্থিত হয় দলটো। ধীৰেণপাৰাস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টৰ সিদ্ধাৰ্থৰ ফ্লেটত চলায় অভিযান এছআইটিয়ে।

সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি। বাসগৃহৰ সন্মুখত সমবেত বহু জুবিন গাৰ্গৰ অনুৰাগী। উত্তেজিত হৈ পৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকল। শীঘ্ৰে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জুবিনৰ অনুৰাগীৰ।

ধীৰেণপাৰাস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টৰ সিদ্ধাৰ্থৰ ফ্লেটত চলায় অভিযান এছআইটিয়ে। এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাত ঘৰ সিদ্ধাৰ্থৰ। দুৱাৰৰ তলা ভাঙি সিদ্ধাৰ্থৰ ঘৰত প্ৰৱেশ কৰে SITয়ে।

জুবিন গাৰ্গৰ মৃত্যুৰ তিনিদিনৰ পাছতেই সিদ্ধাৰ্থ শৰ্মাৰ মাতৃ, ভাতৃ আৰু ভগ্নীয়ে ফ্লেট এৰি গুচি গৈছিল। ২০১৯ৰ পাছত ফ্লেটলৈ আহিছিল সিদ্ধাৰ্থ শৰ্মা আৰু পৰিয়ালটো। তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত আছিল সিদ্ধাৰ্থৰ পৰিয়াল। এই মন্তব্য কৰিছে এপাৰ্টমেণ্টটোৰ আবাসীয়ে।

এইজন সিদ্ধাৰ্থ শৰ্মা দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আছিল। জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থাকি কোটি কোটি টকাৰ সম্পত্তি গঢ়িছিল সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ অধিকাংশ টকা মেনেজাৰ সিদ্ধাৰ্থই সৰকৰাইছিল বুলি অভিযোগ উত্থাপন হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments