ৰাজ্যবাসীৰ বাবে আন এখন দুঃসংবাদ! জুবিন গাৰ্গৰ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে…’ গীতটিৰ স্ৰষ্টা আৰু নাই
“যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে
যদি আশাৰ চাকিবোৰ উমি উমি জ্বলে
তথাপি বন্ধু আগুৱাই যাবা
পিছলৈ ঘূৰি নাচাবা… “
জুবিনৰ এই গীতটিৰ স্ৰষ্টা প্রযোজক, পৰিচালক, সংগীত পৰিচালক, গীতিকাৰ তিমথী দাস হাঞ্চেৰ দেহাৱসান।
দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান হয় পৰিচালক গৰাকীৰ
ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আন এক দুঃসংবাদ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত আজি ম্ৰিয়মাণৰ ৰাজ্যবাসী। ইয়াৰ মাজতে আহিল আন এক দুঃসংবাদ। বহু জনপ্ৰিয় অসমীয়া ছবিৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ দেহাৱসান। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে জনপ্ৰিয় পৰিচালক তিম’থী দাস হাঞ্চেৰ। দেওবাৰে দিনৰ ১২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে।
ছবি পৰিচালনাৰ লগতে সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি আছিল তিম’থী দাস হাঞ্চেৰ। প্ৰতিগৰাকী অসমীয়াৰ হৃদয় চুই যোৱা ছবি ‘জীৱন বাটৰ লগৰী’, ‘পলে পলে উৰে মন’ৰ পৰিচালকৰ দায়িত্বত আছিল টিমোথি দাস হাঞ্চে। ‘জীৱন বাটৰ লগৰী’ কাহিনী আছিল তিম’থী দাস হাঞ্চেৰ। আনহাতে ‘পলে পলে উৰে মন’ৰ কাহিনী আছিল তিম’থী দাস হাঞ্চেৰ।
২০০৯ চনত মুক্তি লাভ কৰিছিল তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘জীৱন বাটৰ লগৰী’ ছবিখন। ছবিখনত অভিনয় কৰিছিল বলিষ্ঠ নিপন গোস্বামী, ৰাগ ঐনিতম, কপিল বৰা, হিৰণ্য ডেকা, মলয়া গোস্বামীকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।
আনফালে ২০১১ চনত মুক্তি লাভ কৰিছিল তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘পলে পলে উৰে মন’ ছবিখন। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, মলয়া গোস্বামী, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, ৰিম্পী দাস, গায়ত্ৰী মহন্ত, সৌৰভ হাজৰিকা, ৰাজা মুৰাদ, অৰুণ হাজৰিকাকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। তিম’থী দাস হাঞ্চেৰ পৰিচালিত ‘পলে পলে উৰে মন’ ছবিখনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈও এভূমিকি মাৰিছিল।
জুবিন গাৰ্গে কণ্ঠদান কৰা ‘জীৱন বাটৰ লগৰী’ ছবিখনৰ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে…’ গীতটিৰ স্ৰষ্টা আছিল তিম’থী দাস হাঞ্চে। বিশিষ্ট পৰিচালকগৰাকীৰ মৃত্যুৰ শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত। উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক আছিল তিম’থী দাস হাঞ্চে।
