Tuesday, March 10, 2026
Homeঅসমদ্বিতীয় বৈকুণ্ঠত পৰিণত হ'ল যোৰহাট

দ্বিতীয় বৈকুণ্ঠত পৰিণত হ’ল যোৰহাট

বতৰেও যেন সমীহ কৰে জুবিন দাক।মঙলবাৰে প্ৰখৰ ৰ’দে দহা যোৰহাটত আজি নাই গৰম। দুবছৰৰ পূৰ্বে যোৰহাট ষ্টেডিয়ামত উদযাপন কৰা হৈছিল জুবিন গাৰ্গৰ ৫০সংখ্যক জন্মদিন।

আজি সেই একেই ষ্টেডিয়ামতে শিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ অনুষ্ঠিত হৈছে। আজিৰ দিনটোত সকলোৱে এই কথা সুৱঁৰি আৱেগিক হৈ পৰিছে। জুবিনৰ মৰমৰ যোৰহাটখনত, হাজাৰ হাজাৰ অনুৰাগীক গানৰ সাগৰত ডুবাই ৰখা ষ্টেডিয়ামখনত আজি জুবিনৰ চি/তা ভ/ষ্ম!শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ।

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কোৱা জুবিন গাৰ্গৰ এইখনেই সপোনৰ অসম। যোৰহাটৰ আদ্যশ্ৰাদ্ধৰ মাংগলিক অনুষ্ঠানৰ হৃদয় চুই যোৱা দৃশ্য। হৰিনাম, ঢোল-তাল বাদনেৰে স্মৰণ শিল্পীগৰাকীক। জয় জুবিন দা..জয় জুবিন দা, হুইল চেয়াৰত বহি প্ৰিয় শিল্পগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিল বিশেষভাৱে সক্ষম এজন যুৱকে।

 

‘জুবিন নাই যদিও মই আপোনালোকৰ বোৱাৰী। মোক আপোনালোক এৰি নিদিব। নিজৰ ঠাইত মানুহখিনি মোৰ সদায় আপোন হৈ থাকিব।’ জুবিনে মোক আৰম্ভণিৰে পৰা শিকাইছিল কাক, কেনেকৈ বিশ্বাস কৰিব লাগে। আদ্যশ্ৰাদ্ধৰ দিনা যোৰহাটবাসীৰ কৃতজ্ঞ গৰিমা শইকীয়া গাৰ্গ।

 

“চৰণত ধৰিছোঁ… কাকূতি কৰিছোঁ… আকৌ এবাৰ পুনৰ জনম লোৱা…”এসময়ত জুবিন গাৰ্গৰ সৈতে মঞ্চ কঁপোৱা বিপুল চেতিয়া ফুকনে সুঁৱৰিলে প্ৰিয় শিল্পীজনক। আনহাতে শিল্পী খগেন গগৈও জুবিনক সুৱৰি উচুপি উঠিল। গালে যমুনাৰ ঢৌ দেখি…

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments