Tuesday, March 10, 2026
Homeঅসমজুবিনৰ মৃত্যুৰ তদন্ত Fast-trackত চলি আছে, লকআপত ৰখা হৈছে শ্যামকানু-সিদ্ধাৰ্থক

জুবিনৰ মৃত্যুৰ তদন্ত Fast-trackত চলি আছে, লকআপত ৰখা হৈছে শ্যামকানু-সিদ্ধাৰ্থক

পুৱাই হাতত হেণ্ডকাফ লগাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰে CIDৰ কাৰ্যালয়লৈ নিয়া হয় ২ অভিযুক্তক১৪ দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হ’ল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা দুই অভিযুক্তকআজি গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাক। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওতেই গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানুক। আনহাতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকবুলেট প্রুফ বাহনত বিমান বন্দৰৰ পৰা উলিয়াই অনা হয় দুয়োজনক।  CJMৰ ওচৰত হাজিৰ কৰাই ১৪ দিনৰ নিজৰ জিম্মাত লয় CIDএ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে পলায়ন কৰিছিল আছিল দুয়ো। শ্যামকানু, সিদ্ধাৰ্থৰ বিৰুদ্ধে ১৮/২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। BNSৰ ১২টা ধাৰা সন্নিবিষ্ট হৈছে গোচৰত দুয়োৰে বিৰুদ্ধেসিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন।জুবিন গাৰ্গ মৃত্যুৰ পাছতে সিদ্ধাৰ্থৰ হাতত আছিল ফোনটো।জুবিনৰ ভাতৃ সন্দীপনে সদৰি কৰিছিল এই তথ্য।জুবিন মৃত্যু হোৱাৰ পাছৰে পৰা ফোনটো অফ কৰি ৰাখিছিল সিদ্ধাৰ্থে।

হাতত হেণ্ডকাফ লগাই গতিয়াই লকআপত ভৰালে শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাক।লকআপৰ আলহী শ্যামকানু-সিদ্ধাৰ্থ।

সিদ্ধাৰ্থ- শ্যামকানুৰ গ্ৰেপ্তাৰ কৰাতো ভাল হৈছেঃ গৰিমা গাৰ্গৰ প্ৰতিক্ৰিয়া…। শ্যামকানু আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিছে ভাল কথা। চৰকাৰ আৰু ন্যায়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।

জুবিনৰ মৃত্যু ৰহস্যৰ তদন্ত কৰিবলৈ শীঘ্ৰেই ছিংগাপুৰলৈ যাব আৰক্ষীৰ এটা দলইতিমধ্যে ছিংগাপুৰৰ চৰকাৰৰ সৈতে সকলো আইনী ব্যৱস্থা কৰা হৈছে । জুবিনৰ মৃত্যুৰ পৰৱৰ্তী তদন্ত Fast-trackত চলি আছে । ঘটনাৰ সৈতে জড়িত আন অভিযুক্ত কেইজনো তদন্তৰ আওতাত আছে । এই মন্তব্য আগবঢ়াইছে SDGP মুন্না প্ৰসাদ গুপ্তাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments