জুবিন গাৰ্গৰ সৈতে য়টত থকা ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ সদস্যসকল কেতিয়া আহিব তদন্তৰ আওতালৈ। প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে…
‘‘ছিংগাপুৰৰ অসমীয়াক লৈ কঠোৰ হ’ব চৰকাৰ।’’ ‘‘কাইলৈৰ ভিতৰত সঁহাৰি নাপালে কঠোৰ হ’ব চৰকাৰ। প্ৰৱাসী অসমীয়াৰ পৰিয়ালৰে যোগাযোগ কৰিব চৰকাৰে। পুত্ৰক তদন্তত সহযোগৰ বাবে পিতৃ-মাতৃক জনাব আহ্বান।’’
জুবিনৰ মৰণোত্তৰ পৰীক্ষাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয় কয় যে ‘‘জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা নকৰে চৰকাৰে। কোনোৱাই চাব বিচাৰিলে CIDৰ ওচৰলৈ যাব লাগিব। ৰাজহুৱা কৰিলে আদালতত প্ৰতিবেদনৰ মূল্য নাথাকিব।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰেও কৈছিল যে, ‘‘আমাৰ আটাইতকৈ বেছি চিন্তা হৈ আছে ছিংগাপুৰৰ অসমীয়াকেইজন তদন্তৰ বাবে অসমলৈ আহিবনে নাই? তেওঁলোক যদি নাহে, আমি তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰিম। তেওঁলোকেই জুবিনৰ য়ট যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ আছিল। গতিকে, অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। আমি যাক আনিব লাগে আনিলোঁ। কিন্তু এওঁলোক ছিংগাপুৰত আছে।’’
গৰিমাক সাক্ষাৎ কৰি শনিবাৰে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ‘‘অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব আছে। ছিংগাপুৰত থকা বাবে মোৰো এক্টিয়াৰৰ ভিতৰত নাই। ভাৰতত থাকিলেতো ধৰি আনিলোঁহেঁতেন। ছিংগাপুৰৰ অসমীয়া সমাজখনেও তেওঁলোকক হেঁচা দিব লাগে, যাতে তেওঁলোক অসমলৈ আহে। তেওঁলোক ইয়ালৈ নহালৈ গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব।’’
