Tuesday, March 10, 2026
Homeঅসম'ন্যায় পাবলৈ কিছু ধৈৰ্য ধৰিব লাগিব, ন্যায়ৰ সৈতে আৱেগক একাকাৰ কৰিলে সকলো...

‘ন্যায় পাবলৈ কিছু ধৈৰ্য ধৰিব লাগিব, ন্যায়ৰ সৈতে আৱেগক একাকাৰ কৰিলে সকলো সাৰি যাব পাৰে’

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘জুবিনক ন্যায় দিবলৈ আমি বদ্ধপৰিকৰ। দোষী কোনো এজনকে ৰেহাই দিয়া নহ’ব।’’‘‘মই ভাবোঁ অসম আৰক্ষীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বীট দিবলৈ সক্ষম হ’ব। ৯০ দিনৰ ভিতৰতে চাৰ্জশ্বীট দিয়া হ’ব।’’

‘তদন্ত সঠিক দিশত আগবাঢ়িছে, ছিংগাপুৰৰ লোকসকল নহাৰ বাবে কিছু অসুবিধা হৈছে। ছিংগাপুৰৰ লোকসকলক অনাৰ বাবে বেলেগ ব্যৱস্থা কৰি আছোঁ। ছিংগাপুৰৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত।’’

‘আমাক হোটেলৰ, য়টৰ আৰু ঘটনাস্থলীৰ ভিডিঅ’ লাগে। য়ট চলোৱা লোক দুজনৰ সাক্ষ্য লাগে। মই দিল্লীত থকা ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিম।’’ন্যায় পাবলৈ কিছু ধৈৰ্য ধৰিব লাগিব। ন্যায়ৰ সৈতে আৱেগক একাকাৰ কৰিলে সকলো সাৰি যাব পাৰে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments