ডিজিটেল ডেস্ক ANEWS24X7: অশান্ত মণিপুৰৰ বিধানসভা অধিবেশনত নাভুন নাশ্ৰুত কাণ্ড ।৩০ মিনিটতকৈও কম সময়ৰ ভিতৰত মণিপুৰৰ এদিনীয়া বিধানসভা অধিৱেশনৰ সামৰণি পৰে।৩ মে’ত মমিপুৰত জাতিগত সংঘৰ্ষ আৰু বৃহৎ পৰিসৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত মণিপুৰ বিধানসভাৰ এই অধিবেশনটোৱেই আছিল প্ৰথমখন অধিৱেশন।কিন্তু মণিপুৰ বিধানসভাৰ অধিৱেশন ৩০ মিনিটৰ ভিতৰত কোনো আলেচনা নোহোৱাকৈয়ে সামৰণি পৰে।ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিক লৈ বিৰোধী বিধায়কসকলে বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰক লক্ষ্য কৰি লৈ কাৰ্য্যবিধি আৰম্ভ হোৱাৰ পিছতে এদিনীয়া মণিপুৰ বিধানসভাৰ অধিৱেশন স্থগিত ৰখা হয়।
সদনৰ ভিতৰতে কংগ্ৰেছ বিধায়কসকলে “গণতন্ত্ৰ বচাওক” বুলি লিখা প্লেকাৰ্ড লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখযোগ্য যে কংগ্ৰেছে বিধানসভাৰ অধিৱেশন পাঁচ দিনৰ বৃদ্ধিৰ দাবী জনাইছিল, যিটো অৱশ্যে অধ্যক্ষই নাকচ কৰিছিল।ইফালে, ৰাজ্যৰ জনজাতীয়সকলৰ বাবে “সুকত প্ৰশাসন”ৰ দাবীত অহা দহজন কুকি-জো বিধায়কে মণিপুৰ বিধানসভাৰ অধিৱেশন এৰি দিয়ে।যোৱা ২৯ আগষ্টত অনুষ্ঠিত হোৱা এদিনীয়া মণিপুৰ বিধানসভাৰ অধিৱেশনৰ পৰা ছুটীৰ বাবে আৱেদন কৰিছিল কুকি-জোৰ দহজন বিধায়কৰ ভিতৰত ৬ গৰাকীয়ে।
ইয়াৰ পূর্বে মণিপুৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছৰ প্রবীণ অক্রম ইবোবি সিঙে ২৯ আগষ্টত ৰাজ্যত অনুষ্ঠিত হোৱা এদিনীয়া বিধানসভা অধিৱেশন “চকু ধোৱা আৰু জনস্বার্থত নহয়” বুলি কৈছিল৷মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰম ইবোবি সিঙে কৈছিল, “যিহেতু ০২ ছেপ্টেম্বৰৰ পূৰ্বে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাটো সাংবিধানিক বাধ্যবাধকতা, গতিকে এদিনীয়া অধিৱেশন আহ্বান কৰা হ’ল।”এদিনীয়া মণিপুৰ বিধানসভা অধিৱেশনত ১০ গৰাকী নগা বিধায়ককে ধৰি ৫০ গৰাকী বিধায়কে অংশগ্ৰহণ কৰে।