জুবিনক্ষেত্ৰক লৈ পুনৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জুবিনক্ষেত্ৰত সুৰাপায়ীয়ে উদ্ভণ্ডালি কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছিল বিশেষ নিৰ্দেশনা
‘‘অসমৰ ৰাইজৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ দায়িত্ব আহিব যে জুবিন গাৰ্গক আমি গানেৰে জীয়াই ৰাখিম নে মদেৰে জীয়াই ৰাখিম?’’
‘‘এচাম উদণ্ড লোকে জুবিন গাৰ্গক মদেৰে জীয়াই ৰাখিব বিচাৰে।
অসমৰ ৩ কোটি ৫০ লাখ মানুহে জুবিনক সৃষ্টি, গান, প্ৰতিভাৰে জীয়াই ৰাখিব বিচাৰে। কিছুমানে জুবিন গাৰ্গৰ অন্য এটা পৰিচয় সমাজক দিব বিচাৰে।
‘‘জনজাতীয় লোকে মদ নাখায়, জনজাতীয় লোকে পৰম্পৰাগত পানীয় খায়।
মদ খাবৰ কাৰণে, দোকান খুলিবৰ কাৰণে অনুমতি লাগে। সাজ, ৰহি, আপং, লাউপানী খাবৰ বাবে অনুমতি ল’ব নালাগে।
জনজাতীয় পৰম্পৰাগত পানীয়কো মদ বনাই দিছে।
জুবিনক্ষেত্ৰত চলোৱা উদ্ভণ্ডালি কেতিয়াও মানি ল’ব নোৱাৰি।
‘‘জুবিনক্ষেত্ৰক মন্দিৰ-তীৰ্থস্থানলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লওক ৰাইজে।
জুবিন অনুৰাগীয়ে এনে সিদ্ধান্ত ল’লে কিবা এটা কৰিবলৈ চৰকাৰেও বল পাব।’’
