Friday, March 13, 2026
Homeৰাশিফলকেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

কেনে যাব আজিৰ দিনটো… ৰাশিফল চাই জানি লওক

মেষ ৰাশি ফলাফল
আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে যি নিজৰ সহায় নিজে কৰিব জানে। আপোনাৰ জীৱন সংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে। কোনোবা এনে এজন ব্যক্তিৰ সান্নিধ্যত সময় অতিবাহিত কৰা যাক আপুনি পচন্দ নকৰে তেতিয়া আপোনাৰ নিজকে আবদ্ধ হৈ থকা বুলি অনুভৱ হব, সেইবাবে বহুত ভাৱি-চিন্তি কাৰোবাৰ লগত বাহিৰলৈ ওলাই গ’লে আপোনাৰেই বাবে মংগল।
বৃষ ৰাশি ফলাফল
উৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। আজিৰ দিনটো ইমান লাভদায়ক নহ’ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ’ব। বাইদেউ আৰু ভনীৰ স্নেহ আপোনাক উৎসাহিত কৰিব ,কিন্তু সৰু-সুৰা কথাত খঙ নকৰিব ,কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হব পাৰে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। যাত্ৰাত আজি কোনোবা অচিনাকি এজনে আপোনাক বিৰক্ত কৰিব পাৰে।
মিথুন ৰাশি ফলাফল
স্বা্স্থ্যৰ প্ৰতি অলপ অধিক যত্ন লোৱা দৰকাৰ। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থ ঋণ লৈ থৈছে তেন্তে অনতিপলমে ঘুৰাই দিয়াৰ ব্যৱস্থা কৰক নহলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা লব পাৰে। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হব। অন্যক সুখ দি আপুনি নিজৰ পূৰণি ভুল সমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি ,কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কাম হে কৰক। জীৱন লগৰীৰ পূৰ্ণ সহযোগ নোপোৱা বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে স্বাস্থ্য ভালে ৰাখিবৰ বাবে দৌৰাটো আপোনাৰ পক্ষে লাভদায়ক হব ,কাৰণ দৌৰাতো বিনামূল্য হোৱাৰ লগতে এটা ভাল শাৰীৰিক ব্যায়ামও হয়।
কৰ্কট ৰাশি ফলাফল
আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। এই ৰাশিৰ লোক সকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ললে ঘুৰাই দিব নিবিচাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আপুনি অনুুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰি পেলাব পাৰে।
সিংহ ৰাশি ফলাফল
আপোনাৰ স্বাস্থ্যক অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হব। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। আজি আপুনি বৈবাহিক জীৱনক শ্বাসৰুদ্ধকৰ হেন অনুভৱ কৰিব কাৰণ আপুনি আজি একপ্ৰকাৰৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হল জীৱন সংগীৰ লগত ভাল ভাৱে আত্মীয়তাৰে কথা পাতক। আজিৰ দিনাখন হতাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক, এইকাৰণে আৰাম কৰাত প্ৰাধান্য দিয়ক।
কন্যা ৰাশি ফলাফল
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। আপুনি মানক বা নামানক, আপোনাৰ ওচৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেত আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক ,যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব, এই সময়খিনিত আপুনি বিনাকথাৰ তৰ্ক নকৰিব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। নিজৰ নিকটতম লোকক নজনোৱাকৈ এনেকুৱা ঠাইত বিনিয়োগ নকৰিব যাৰ বিষয়ে আপুনি নিজেও নাজানে।
তুলা ৰাশি ফলাফল
সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। আপোনাৰ সাক্ষাত এনে বন্ধুৰ লগত হব ,যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। এনেেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ-ৰংত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। আজি আপুনি গোটেই দিন দুখী থাকিব ,ইয়াৰ কাৰণটোও আপুনি বুজি নাপাব।
বৃশ্চিক ৰাশি ফলাফল
ইচ্ছাশক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফঁচিব পাৰে। আজি সফলতা প্ৰাপ্তৰ মন্ত্ৰ হ’ল সেই সকল লোকৰ পৰামৰ্শ মৰ্মে পইচা লগাওঁক যি সকল লোক মৌলিক চিন্তা কৰে আৰু বহুত অনুভূৱী হয়। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্ত আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হব জনে সচাকৈ আপোনাক বুজি পায়। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। নক্ষ ত্ৰৰ অৱস্থান অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব ,অকল এইটো কথা মনত ৰাখিব যে যিকোনো বস্ত আৱশ্যকতকৈ অধিক হোৱাটো ভাল নহয়।
ধনু ৰাশি ফলাফল
আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব ,কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয় টোত বিশেষ মনযোগ দিয়া দৰকাৰ। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। আজি আপুনি আপোোনাৰ প্ৰিয়জনৰ সন্মূখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। এই ৰাশিৰ জাতক সকল নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবি বোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। ওচৰ -চুবুৰীয়া আজি আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়া ভাৱে প্ৰকাশ কৰিব পাৰে। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশ টো প্ৰকাশ কৰিব পাৰে।
মকৰ ৰাশি ফলাফল
আপোনাৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব যি এই মূহুৰ্তত আপোনাৰ লগত নাই। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। আপুনি সৰু লৰা-ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ এই চমৎকৃত আৰু উজ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে, এইটো এটা মনোৰঞ্জক যাত্ৰা হব আৰু আপুন নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব।
কুম্ভ ৰাশি ফলাফল
আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হব পাৰে। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। আজি আপুনি জীৱনসংগীক ফুৰাব লৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱা বাবে আপোনালোক যাব নোৱাৰিব। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে তেন্তে চুপ-চাপে থকাই মংগল হব নহ’লে আপোনাৰ জীৱন সংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে। কোনোবা এনে এজন ব্যক্তিৰ সান্নিধ্যত সময় অতিবাহিত কৰা যাক আপুনি পচন্দ নকৰে তেতিয়া আপোনাৰ নিজকে আবদ্ধ হৈ থকা বুলি অনুভৱ হব, সেইবাবে বহুত ভাৱি-চিন্তি কাৰোবাৰ লগত বাহিৰলৈ ওলাই গ’লে আপোনাৰেই বাবে মংগল।
মীন ৰাশি ফলাফল
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। পাৰ্কত ফুৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments