সোমবাৰে গুৱাহাটীৰ খানাপাৰত অনুষ্ঠিত হ’ব আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। পোষ্ট মেল’নৰ কনচাৰ্টৰ বাবে মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে বিশেষ পথ নিৰ্দেশনা। সোমবাৰে দুপৰীয়া ৩.৩০ বজাৰ পৰা ফিল্ডৰ ভিতৰত দৰ্শকে প্ৰৱেশ কৰিব পাৰিব। বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা। GS ৰোডৰ পৰা খানাপাৰালৈকে ঘোষণা কৰা হৈছে ন’ পাৰ্কিং জ’ন। ছয় মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈকে হ’ব ন’ পাৰ্কিং জ’ন।
দৰ্শকৰ বাহনৰ বাবে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। ৩ হাজাৰ গাড়ী ৰাখিবপৰাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। ১,২০০ দুচকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব। অনুষ্ঠানলৈ ২০-২২ হাজাৰ দৰ্শক অহাৰ সম্ভাৱনা আছে। অনুষ্ঠানৰ ভিতৰলৈ পানী বটল, বেগ লৈ যাব নোৱাৰিব কোনো দৰ্শকে। ছয়মাইল উৰণ সেতুৰ পৰা খানাপাৰাৰ লটাৰীলৈকে বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল।
পুৱা ১০ বজাৰ পৰা কনচাৰ্ট অনুষ্ঠিত হ’বলগীয়া খানাপাৰা অঞ্চলত বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব। সৰু বাহনৰ বাবে বিয়লি ৩ বজাৰ পৰা নিয়ম বলবৎ হ’ব আৰু অনুষ্ঠান সমাপ্ত নোহোৱালৈকে বা প্ৰয়োজন অনুসৰি কাৰ্যকৰী হৈ থাকিব। ছয়মাইল উৰণ সেতুৰ পৰা বালুঘাট ত্ৰিপুৰা গলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ যাতায়াত
বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে আৰু জয়ানগৰ চাৰিআলিৰ পৰা APSCৰ পইণ্টলৈকেও বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ যাতায়াত। খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ ৰোডতো বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল। স্কুল বাছ, জৰুৰীকালীন যান-বাহন আৰু স্থানীয় বাসিন্দাসকল এই নিষেধাজ্ঞাৰ দ্বাৰা ৰেহাই পাব। ৰিয়েল টাইম আপডেটৰ বাবে গুৱাহাটী যান-বাহন আৰক্ষীৰ ছ’চিয়েল মিডিয়া হেণ্ডেল অনুসৰণ কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়া হৈছে।
