Tuesday, March 10, 2026
Homeঅসমপ্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ কটন বিশ্ববিদ্যালয়ে আগবঢ়ালে ডি. লিট. সন্মান

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ কটন বিশ্ববিদ্যালয়ে আগবঢ়ালে ডি. লিট. সন্মান

মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ডি. লিট সন্মান।

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এই বিশেষ সন্মান আগবঢ়োৱা হয়। ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰে সমাৱৰ্তন।

সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক স্মৰণ কৰাৰ লগতে সমাৱৰ্তনত অভিনন্দিত হোৱা গৱেষক-শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে।এই সমাৱৰ্তন অনুষ্ঠানতে জুবিন গাৰ্গলৈ কটন বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে আগবঢ়োৱা D. Litt সন্মান গ্ৰহণ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। এই সন্মান গ্ৰহণ কৰি আৱেগিক হৈ পৰে পামী বৰঠাকুৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments