# দ্বিতীয় দিনাও অব্যাহত আমিনগাঁৱৰ মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডত জি এছ টি দলৰ অভিযান ।
# প্ৰতিষ্ঠানটোত বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগ জি এছ টি পৰিদৰ্শকৰ দলৰ ।
# ৰাজ্যিক জি এছ টি বিভাগৰ এটি ১২ জনীয়া দলে অনুসন্ধান অব্যাহত ৰাখিছে প্ৰতিষ্ঠানটোত ।
# ৰাজ্যৰ জি এছ টি বিভাগৰ অধীক্ষক মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বাধীন এটা বৃহৎ দলে অব্যাহত ৰাখিছে এই অভিযান ।
# জি এছ টি বিভাগৰ তদন্তত ইতিমধ্যে বহুতো তথ্যৰ অমিল থকাৰ লগতে কেইবা কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ।
# আগন্তুক এসপ্তাহ পৰ্যন্ত এই অভিযান চলাৰ সম্ভাৱনা ।
# উল্লেখ্য এই প্ৰতিষ্ঠানটো হৈছে অসমৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী কোম্পানী ।
# প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় হৈছে কলিকতাত ।
# সমগ্ৰ অসমতে এই প্ৰতিষ্ঠানটোৰ প্ৰায় ৩৩ খন চাহ বাগিচা আছে ।
