আজি বৰদিন। ৰাজ্যত প্ৰতিকূল হ’ব পাৰে নেকি বতৰ? বৃহস্পতিবাৰে পুৱাৰেপৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত দেখা গৈছে মেঘাচ্ছন্ন আকাশ। বাঢ়িছে শীতৰ প্ৰকোপো।আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰৰ বাবে জাৰি কৰিছে সতৰ্কবাণী।
শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ বাবেও বৃহস্পতিবাৰৰ দিনটোৰ বাবে ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।এই সময়ছোৱাত এই জিলাসমূহত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ঘন কুঁৱলী পৰিলে পূৰ্বতকৈ অৱধাৰিতভাৱে বৃদ্ধি পাব শীত।
