Monday, May 4, 2026
Homeঅসমএইবাৰ পুনৰ তৃতীয়বাৰৰ ৰাইজে চৰকাৰ ওভতাই আনিব, তাৰ কোনো সন্দেহ নাই

এইবাৰ পুনৰ তৃতীয়বাৰৰ ৰাইজে চৰকাৰ ওভতাই আনিব, তাৰ কোনো সন্দেহ নাই

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনটোত উপস্থিত থাকি উদাত্ত ভাষণেৰে দলৰ নেতা-কৰ্মীক উদ্বুদ্ধ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰ্যনিৰ্বাহক বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনৰ সময়ক লৈ কৰিলে ডাঙৰ ঘোষণা। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে এই কাৰ্যনিৰ্বাহকতে ৰণকৌশল প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজিৰেপৰা ৬০ দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব। নিৰ্বাচনী কাউণ্ট-ডাউন আৰম্ভ হোৱা বুলি ক’ব পাৰি। এইখনে শেষৰখন কাৰ্যনিৰ্বাহক সভা।’’ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সমষ্টি পুনৰ্গঠনে আমাৰ মাজত সুৰক্ষাৰ মনোভাৱ পোষণ কৰিছে। ৰাজ্যত পাঁচটা বছৰত উন্নয়ন হৈছে। ২০১৬ৰ পৰা আৰম্ভ কৰি নতুন নতুন বহুত বহুত কম হৈছে। পৰিৱৰ্তন আমাৰ স্পষ্ট। নগৰ, গাঁও অথবা যি স্থানলৈ গ’লেও পৰিৱৰ্তন দেখা পাওঁ।’’

‘‘আজিৰেপৰা ৬০ দিনৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব। নিৰ্বাচনী কাউণ্ট-ডাউন আৰম্ভ হোৱা বুলি ক’ব পাৰি। এইখনে শেষৰখন কাৰ্যনিৰ্বাহক সভা।’’ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সমষ্টি পুনৰ্গঠনে আমাৰ মাজত সুৰক্ষাৰ মনোভাৱ পোষণ কৰিছে। ৰাজ্যত পাঁচটা বছৰত উন্নয়ন হৈছে। ২০১৬ৰ পৰা আৰম্ভ কৰি নতুন নতুন বহুত বহুত কম হৈছে। পৰিৱৰ্তন আমাৰ স্পষ্ট। নগৰ, গাঁও অথবা যি স্থানলৈ গ’লেও পৰিৱৰ্তন দেখা পাওঁ।’’

‘‘এইবাৰ পুনৰ তৃতীয়বাৰৰ ৰাইজে চৰকাৰ ওভতাই আনিব, তাৰ কোনো সন্দেহ নাই। আজি জিলাই জিলাই ব্ৰহ্মপুত্ৰ ওপৰত দলং হৈছে। বিশ্ববিদ্যালয় হৈছে। ইমান দ্ৰুত উন্নয়ন হ’ব বুলি কোনো কল্পনা কৰিব পৰা নাছিল। কাজিৰঙাৰ ওপৰত ৩২ কি:মি: দৈৰ্ঘৰ উৰণ সেতু। গহপুৰৰ পৰা নুমলীগড়লৈ গাড়ী যাব পৰা সুৰংগ হ’ব। মানুহে এইবোৰ সপোনতো ভবা নাছিল। ৫ঘন্টাত শিলচৰৰ পৰা গুৱাহাটীলৈ আহি পাব।’’নিৰ্বাচনৰ সময়ত ১ লাখ চাকৰি দিম কোৱাত কোনেও বিশ্বাস কৰা নাছিল। এতিয়া আমি প্ৰায় ২ লাখৰ ওচৰলৈ চাকৰি দিবলৈ সফল হ’লো।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments