ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰে অমিত শ্বাহে। মুলুকগাঁৱৰ বন্যপ্ৰাণী-স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ত ১৭০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-শুভাৰম্ভণি কৰে অমিত শ্বাহে।
অমিত শ্বাহে কয়, ‘‘অসমৰ নদীসমূহ আমাৰ বাবে মাতৃৰ সমান। কিন্তু প্ৰতি বছৰে বানে অসমবাসীৰ বহু দুৰ্গতি কৰে। বৃহৎ জলাশয় নিৰ্মাণে বান ৰোধৰ ব্যৱস্থা কৰা হৈছে। বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এয়া বলিষ্ঠ খোজ। এই জলাশয়সমূেহ বান ৰোধৰ লগতে জলক্ৰীড়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। পৰ্যটনৰ ক্ষেত্ৰতো বিশেষ ভূমিকা ল’ব এই জলাশয়সমূহে। অসমৰ লাখ লাখ লোকক বানৰ পৰা সকাহ দিব এইসমূহ জলাশয়ে।’’
‘‘EU আৰু ভাৰতৰ ফ্ৰী ট্ৰেড চুক্তিয়ে আটাইতকৈ বেছি লাভান্বিত কৰিব ডিব্ৰুগড়ক। ২৭খন দেশলৈ শুল্ক অবিহনে ৰপ্তানি হ’ব অসমৰ চাহ। প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ চাহৰৰ বাবে এই ডাঙৰ কাম কৰিলে।
কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কয়, ‘‘কংগ্ৰেছে অসমৰ উন্নয়নৰ বাবে একো নকৰিলে। আজি উন্নয়নৰ প্ৰথম প্ৰাধান্য অসমে লাভ কৰে। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰাথমিক প্ৰাধান্য লাভ কৰে অসমে। ছেমিকণ্ডাক্টৰ প্ৰকল্প আজি প্ৰথমে হয় অসমত। জলপথ, ৰে’ল পথ উন্নয়নৰ ক্ষেত্ৰটো অসমেই প্ৰাধান্য পায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ গুৰুত্ব দিয়ে অসমৰ উন্নয়নত।’’ কংগ্ৰেছে ইমান দিনে কি দিলে বুলি প্ৰশ্ন অমিত শ্বাহৰ।
‘‘কংগ্ৰেছে ইমান দিনে অসমক গুলী-বাৰুদ হিংসা,-হত্যা দিলে। সুধাকণ্ঠ ভূপেন হাজৰিকাকো প্ৰাপ্য মৰ্যাদা বিজেপিয়েহে দিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈকো ভাৰতৰত্ন বিজেপিয়েহে দিলে। কংগ্ৰেছে অসমৰ চাহক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইমানদিনে অসমৰ চাহ শ্ৰমিকৰ কোনো ঠিকনা নাছিল। বিজেপি চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ পদক্ষেপ ল’লে। চাহ শ্ৰমিকক মাটিৰ মালিক বনালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। গণৰাজ্য দিৱসতো উত্তৰ-পূবৰ সংস্কৃতিয়ে প্ৰাধান্য পালে। ৰাষ্ট্ৰপতিয়ে সকলো অতিথিক উত্তৰ-পূবৰ গলবস্ত্ৰ উপহাৰ দিলে। কিন্তু উত্তৰ-পূবৰ সংস্কৃতি-সমৃদ্ধ গলবস্ত্ৰ ল’বলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে।’’
ৰাহুল গান্ধীয়ে উত্তৰ-পূবক অপমান কৰা বুলি মন্তব্য অমিত শ্বাহৰ। অমিত শ্বাহে কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশলৈ গ’লে কান্ধত লৈ যায় অসমৰ গামোচা। বিদেশত শংকৰদেৱ, মাধদেৱৰ পৰিচয় বলিষ্ঠভাৱে দাঙি ধৰে মোদীয়ে। অসমত অনুপ্ৰৱেশ ঘটাই ভোট বেংকৰ ৰাজনীতি কৰিছিল কংগ্ৰেছে।’’
বিজেপি চৰকাৰ হ’লে মুখ্যমন্ত্ৰী পুনৰ হিমন্ত বিশ্ব শৰ্মাই হ’ব বুলি ইংগিত প্ৰদান কৰি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ বনাওক। এজন এজনকৈ বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰা হ’ব। অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে। অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে। কাজিৰঙাতো বেদখল কৰি ভাবুকিৰ সৃষ্টি কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। যিসকল বিদেশী পূৰ্বে আহিলে তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব। কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব। অসমৰ উন্নয়ন আৰু জাতিৰ সুৰক্ষাৰ বাবে তৃতীয়বাৰলৈ বিজেপিক শাসনলৈ আনিব লাগিব।’’
