ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানত অংশ লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘১০০ কোটি মিচিং মহোৎসৱৰ বাবে প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
মিচিংসকল ধুবুৰীৰ পৰা শদিয়ালৈ থকাহেঁতেন মিইঞা অসমত সোমাব নোৱাৰিলেহেঁতেন। বৰপেটা, নলবাৰী, ধুবুৰীত মিচিংসকল থকাহ’লে এডোখৰো মাটি মিঞাই নিব নোৱাৰিলেহেঁতেন।’’মিচিংসকলৰ ইতিহাস সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মিচিংসকলে অসমীয়া ভাষা-সংস্কৃতিৰ বাবে বিশেষ ভূমিকা লৈ আহিছে। মুৰ্কংচেলেঙত মানক মিচিং সম্প্ৰদায়ৰ লোকে পৰাস্ত কৰিছিল। অসমৰ বুৰঞ্জী হাইস্কুলত নতুনকৈ প্ৰৱৰ্তন কৰা হ’ব।’’
খ্যমন্ত্ৰীয়ে কয়, ‘‘পাঠ্যপুথিত মিচিংসকলৰ বুৰঞ্জী সন্নিৱিষ্ট কৰিব লাগিব।’’ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পাঠ্যপুথি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।মিচিংসমাজৰ সমস্যাসমূহ সমাধান কৰিব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। অসমত বিজেপি চৰকাৰে মিচিং সমাজৰ লগত হাতত হাত ধৰি আগবাঢ়িব। মিচিং সমাজৰ উন্নয়নৰ বাবে ১০ কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
