Tuesday, March 10, 2026
Homeঅসমআজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পুৱা ৯ বজাৰ পৰা আৰম্ভ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ এই পৰীক্ষা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ নতুন নিয়ম অনুসৰি এইবাৰৰ অনুষ্ঠিত হ’ব পৰীক্ষা।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,৩৮,৫৬৫ শিক্ষাৰ্থী। ইয়াৰে ১,৯০,২৪৩ জন ছাত্ৰ, ২,৪৮,৩২২ গৰাকী ছাত্ৰী। ১,০৪৬টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। উল্লেখ্য যে এইবাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা। আনফাল চৰকাৰী শিক্ষকেহে তদাৰক কৰিছে পৰীক্ষা। অসমীয়া বিষয়ৰে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।

১০ ফেব্ৰুৱাৰীৰ পুৱা মাতৃভাষা, ১৩ ফেব্ৰুৱাৰীৰ পুৱা সমাজ বিজ্ঞান, ১৪ ফেব্ৰুৱাৰীৰ পুৱা ঐশ্চিক বিষয়ৰ সংগীত, নৃত্য, উদ ক্ৰাফ্ট আৰু হোম ছাউন্সৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ১৪ ফেব্ৰুৱাৰীৰ আৱেলি ফাইন আৰ্ট আৰু Weaving & Textile Design বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ১৪ ফেব্ৰুৱাৰীৰ আৱেলি ফাইন আৰ্ট আৰু Weaving & Textile Design বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ২৪ ফেব্ৰুৱাৰীৰ পুৱা ঐচ্ছিক বিষয়ৰ মণিপুৰী, চান্থালি, ২৫ ফেব্ৰুৱাৰীৰ পুৱা ঐচ্ছিক বিষয়ৰ হিন্দী, গাৰমেণ্ট ডিজাইন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ২৬ ফেব্ৰুৱাৰীৰ পুৱা ঐচ্ছিক বিষয়ৰ ঐচ্ছিক গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, নেপালী, আৰৱী, পাৰ্ছী আৰু অসমীয়াৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ২৬ ফেব্ৰুৱাৰীৰ আবেলি ঐচ্ছিক অসমীয়াৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ২৭ ফেব্ৰুৱাৰীৰ পুৱা Retail Trade NSQF, IT/ITES NSQF, Private Security NSQF, Health Care NSQF, Agriculture & Horticulture NSQF, Tourism & Hospitality NSQF, Beauty and Wellness NSQF, Automotive NSQF, Electronics and Hardware NSQF, Agriculture Dairy Worker NSQF, Apparel, Made-Ups & Home Furnishing NSQF, Yoga & Physical Education, Artificial Intelligence & Robotics বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পুৱাৰ ভাগৰ পৰীক্ষাসমূহ ৯ বজাৰ পৰা ১২ বজালৈ আনহাতে আৱেলি ভাগৰ পৰীক্ষাসমূহ ১ বাজি ৩০ মিনিটৰ পৰা ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments