Tuesday, March 10, 2026
Homeঅসম১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংবাদমেলযোগে প্ৰধানমন্ত্ৰীৰ সময়সূচী বিশদভাৱে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীয়ে জনাই যে ১৪ ফেব্ৰুৱাৰীত পুৱা ৯.৫০ বজাত চাবুৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
পুৱা ১০ বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ’ব। মৰাণৰ Emergency Landing Facilityত এয়াৰ শ্ব’ উপভোগ কৰিব মোদীয়ে। মৰাণৰ Emergency Landing Facilityত ১৬ খন বিমান অৱতৰণ কৰিব। মৰাণৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
দুপৰীয়া ১ বজাত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। দলং মুকলি কৰি কিছুসময় দলংখন পৰিদৰ্শন কৰিব মোদীয়ে। লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে IIMৰ অস্থায়ী চৌহদ মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীত নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। গুৱাহাটীত ১০০খন বৈদ্যুতিক বাছৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছতে খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশ ল’ব মোদীয়ে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments