ডিজিটেল ডেস্ক,ANEWS24X7: মণিপুৰৰ উখৰুল জিলাৰ বৃহৎ ভুমিস্খলনত বিধ্বস্ত মূল পথটি পৰিষ্কাৰ কৰিছে আছাম ৰাইফলছৰ জোৱান আৰু জনজাতীয় গাঁৱৰ লোকসকল একত্ৰিত হৈ ।ভুমিস্কলনত যোৱা ২৮ আগষ্টত মাপুম গাঁও আৰু জিলা সদৰৰ মাজৰ পথ বন্ধ হৈ পৰিছিল।পথৰ দুয়োকাষে আবদ্ধ হৈ থকা গাঁৱৰ ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
ততাতৈয়াকৈ অসম ৰাইফলছৰ জোৱানে পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ভূমিস্খলন পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ লগত গাঁৱৰ মানুহেও সহায় সহযোগিতা কৰে।যৌথ প্ৰচেষ্টাত কেইঘণ্টামানৰ ভিতৰতে ভূমিস্খলন পৰিষ্কাৰ কৰিবলৈ সক্ষম হয়।
ইয়াৰ ফলত পথ সংযোগ পুনৰ ঘূৰি আহিল আৰু গাঁওবাসীয়ে পুনৰ স্বাভাৱিক কাম-কাজ আৰম্ভ কৰিব পাৰিলে।ইয়াৰওপৰি সফল ক্লিয়াৰেন্সে ১৩ জন পুৰুষ, ১০ গৰাকী মহিলা, আৰু ৪ টা শিশুকে ধৰি ১৭ টা পৰিয়ালকো নিৰাপদ পথ প্ৰদান কৰিবলৈ সক্ষম হৈছিল আছাম ৰাইফলছৰ জোৱানে।
এই ঘটনাই সম্প্ৰদায়ৰ স্থিতিস্থাপকতাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিছে। যেতিয়া সম্প্ৰদায় আৰু সশস্ত্ৰ বাহিনীয়ে একেলগে কাম কৰে তেতিয়া তেওঁলোকে কঠিন প্ৰত্যাহ্বানসমূহো অতিক্ৰম কৰিব পাৰে।অসম ৰাইফলছৰ জোৱান আৰু গাঁওবাসীৰ সময়োপযোগী হস্তক্ষেপে সংকটৰ সময়ত কেনেদৰে সহযোগিতাই জীৱন ৰক্ষা কৰি স্বাভাৱিক অৱস্থা ঘূৰাই আনিব পাৰে তাৰ এক উজ্জ্বল নিদৰ্শন।