Tuesday, March 10, 2026
Homeঅসমৰাজ্যত /ভ/য়ং/ক/ৰ/ পথ দুৰ্ঘটনা

ৰাজ্যত /ভ/য়ং/ক/ৰ/ পথ দুৰ্ঘটনা

শ্ৰীভূমি জিলাৰ মালুয়া জলালপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় এজন স্কুটি আৰোহীৰ। বদৰপুৰৰ দিশৰ পৰা AS 01 GB 3145 নম্বৰৰ স্কুটি লৈ হেলাল উদ্দিন ঘৰলৈ উভতি যোৱা সময়তে শ্ৰীভূমিৰ দিশৰ পৰা তীব্ৰ গতিত অহা TR 05 J 1900 নম্বৰৰ এটা ডাম্পাৰে স্কুটিটোক প্ৰচণ্ডভাৱে খুন্দা মাৰে। সংঘৰ্ষত ডাম্পাৰৰ আগফালৰ চকাত পিষ্ট হৈ ঘটনাস্থলীতেই মৃত্যু হয় হেলাল উদ্দিনৰ। ঘটনাটো সংঘটিত হৈছে কান্দিগ্ৰামস্থিত শেট্টি ফ্লাৱাৰ মিলৰ সন্মুখত। অভিযোগ অনুসাৰে, এই স্থানত দীৰ্ঘদিন ধৰি অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ ফলতেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

ঘটনাৰ পাছতে ক্ষুব্ধ স্থানীয় ৰাইজে জাতীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বদৰপুৰ থানাৰ ওচি তরঙ্গ পাটোৱাৰী, মালুয়া আউটপোষ্টৰ ইনচাৰ্জ শুভম কুমাৰ পালসহ আৰক্ষীৰ এটা দল। পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে স্থানীয় ৰাইজৰ অভিযোগ, কান্দিগ্ৰামস্থিত শেট্টি মিলৰ সন্মুখত প্ৰতিদিনে অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰা হয়, যাৰ ফলত প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। আনকি একে সময়তে সেই স্থানত আৰু দুটা সৰু দুৰ্ঘটনাও সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

মালুয়া জলালপুৰ গাঁৱৰ ৰাইজে শ্ৰীভূমি জিলা আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰি এই অবৈধ পাৰ্কিংৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments