প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলীভাৱে অসমৰ বাবে কেইবাটাও বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। প্ৰায় ৪৭,৮০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰে প্রধানমন্ত্ৰী মোদীয়ে। এই উপলক্ষে বিটিচি অঞ্চলত ৪খন উৰণ সেতু, ২খন দলং আৰু ৬টা পথৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে এটা ৰে’লৱে’ ৱাগন ৱৰ্কশ্বপ স্থাপনৰো আধাৰশিলা স্থাপন কৰা হয়। কোকৰাঝাৰ-গেলেফু প্ৰস্তাৱিত ৰে’লপথ প্ৰকল্পৰো শিলান্যাস কৰে মোদীয়ে।
ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ কোকৰাঝাৰলৈ গৈ ব্যক্তিগতভাৱে উপস্থিত থাকিব নোৱৰাৰ বাবে ক্ষমা বিচাৰে। তেওঁ বড়ো সমাজৰ মহান নেতা বড়োফা উপেন্দ্ৰ ব্ৰহ্ম আৰু কবি ৰূপনাথ ব্ৰহ্মক শ্ৰদ্ধাসহকাৰে স্মৰণ কৰে।
ভাষণত কংগ্ৰেছ দলকো চোকা ভাষাৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে ৰাজনৈতিক স্বাৰ্থত বড়োলেণ্ড অঞ্চলক মিছা প্ৰতিশ্ৰুতিৰে বিশ্বাসঘাতকতা আৰু বিভ্ৰান্ত কৰিছিল আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি কৰিছিল।২০২০ চনৰ বড়োলেণ্ড শান্তি চুক্তিত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি চৰকাৰে স্তৰে-স্তৰে বাস্তৱায়ন কৰিছে। বড়ো সমাজৰ আস্থা আৰু পৰম্পৰাকো ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছৰ শাসনত জনজাতি আৰু আদিবাসী সমাজৰ ভূমি অনুপ্ৰৱেশকাৰীৰ হাতলৈ গ’ল। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উচ্ছেদ অভিযানৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।
ভাষণৰ অন্তত তেওঁ আগন্তুক নিৰ্বাচনত কংগ্ৰেছক কঠোৰ শাস্তি দিবলৈ আহ্বান জনায় আৰু কয় যে দেশত অনুপ্ৰৱেশকাৰীৰ বাবে এতিয়া কোনো স্থান নাই। অসমৰ পৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হ’ব বুলি তেওঁ দৃঢ়ভাৱে উল্লেখ কৰে।
