দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। খানাপাৰাত বিশাল যুৱ শক্তি সমাৰোহত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
ভাষণ আৰম্ভ কৰি ৰাজ্যৰ বিজেপি চৰকাৰৰ কাম-কাজক প্ৰশংসা কৰে অমিত শ্বাহে। তেওঁ কয়, ‘‘১০ বছৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্যসেৱা অতি নিম্ন আছিল। আজি অসমৰ স্বাস্থ্যসেৱা যথেষ্ট উন্নত হৈছে. অসমত ভালেকেইখন মেডিকেল স্থাপন হ’ল। কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণেৰে স্বাস্থ্যখণ্ডলৈ অভূতপূৰ্ব অৰিহণা।’’ ৰতন টাটাক স্মৰণ গৃহমন্ত্ৰী অমিত শ্বাহৰ। শ্বাহে কয়, ‘‘চৰকাৰী হাস্পতালত প্ৰ’টন থেৰাপী থকা দেশৰ প্ৰথমখন ৰাজ্য অসম। উত্তৰ-পূবত কৰ্কট ৰোগীৰ সংখ্যা বেছি। কংগ্ৰেছে নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ যতন লৈছিল। ৰাজ্যবাসীৰ স্বাস্থ্যৰ কথালৈ মন দিয়া নাছিল কংগ্ৰেছে। উত্তৰ-পূবত কৰ্কট ৰোগীৰ সংখ্যা বেছি।’’
‘‘অসমৰ পৰাই প্ৰধানমন্ত্ৰী হৈছিল মনমোহন সিং। অসমৰ স্বাস্থ্যখণ্ডৰ বাবে একো পদক্ষেপ নল’লে মনমোহন সিঙে। কংগ্ৰেছৰ দিনত স্বাস্থ্যখণ্ডত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ।’’ ৰাহুল গান্ধীক টাৰ্গেট কৰি অমিত শ্বাহে কয়, ‘‘সংসদত চাহ পকোৰাৰ জুতি ল’বলৈ যায় ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে নাজানে সংসদৰ বিষয়। সংসদ ব্ৰেকফাষ্ট কৰা ঠাই নহয়। সংসদত ৰাহুল গান্ধীয়ে একো ক’ব নোৱাৰে পলাই ফুৰে আৰু য’ত ভাৰতৰ শক্তি চাবলৈ বিশ্বৰ পৰা লোক আহে, তাত ৰাহুল গান্ধীয়ে বিৰোধিতা কৰে। ভাৰতৰ AI SUMMITৰ সমগ্ৰ বিশ্বত প্ৰশংসা কৰিছে সেই SUMMITৰ কংগ্ৰেছে বিৰোধিতা কৰিছে। মোদী আৰু বিজেপিক বিৰোধ কৰি কৰি ৰাহুল গান্ধী ভাৰতক বিৰোধ কৰিব।’’ ৰাহুল গান্ধীৰ এনে কাৰ্যক নিন্দা অমিত শ্বাহৰ। তেওঁ কয়, ‘‘বিজেপিৰ বিৰোধিতা কৰি দেশৰে নিন্দা কৰিছে ৰাহুলে।’’
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্রশংসা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয়, ‘‘অসমত ৯৮% প্ৰসূতিৰ শিশুৰ জন্ম চৰকাৰী চিকিৎসালয়ত হয়। গুজৰাটৰ দৰে ৰাজ্যত এয়া সম্ভৱ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো এয়া সম্ভৱপৰ হৈছে।’’
