Friday, April 3, 2026
Homeঅসমঅনুপ্ৰৱেশকাৰী বাংলাদেশীক হুংকাৰ

অনুপ্ৰৱেশকাৰী বাংলাদেশীক হুংকাৰ

দুধনৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।গোৱালপাৰাক ‘মিনি অসম’ আখ্যা অমিত শ্বাহৰ। তেওঁ কয়, ‘‘NDAৰ দিনত আদিবাসী সমাজক সন্মান দিয়া হৈছে।

আদিবাসী সমাজৰ বাবে বাজেট বৃদ্ধি কৰিলে PM মোদীয়ে।’’ অনুপ্ৰৱেশকাৰী বাংলাদেশীক হুংকাৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘৫ বছৰত অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বিতাৰণৰ কৰা হ’ব। ২০১৬ৰ পাছত অসমলৈ পৰিৱৰ্তন আহিছে। এতিয়া অসমত গুলী বাৰুদৰ শব্দ আৰু নুশুনে। গোৱালপাৰাত কংগ্ৰেছ জিকিলে পুনৰ অশান্তি আহিব।’’ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিলে মোদীয়ে। শংকৰদেৱৰ জন্মভূমি বেদখলমুক্ত কৰিলে বিজেপিয়ে। কাজিৰঙা বেদখলমুক্ত কৰিলে বিজেপিয়ে।’’

জনজাতীয় পৰিয়ালৰ বাবে বৃৃহৎ ঘোষণা কৰি অমিত শ্বাহে কয়, ‘‘প্ৰতিটো পৰিয়ালে লাভ কৰিব এজনীকৈ গাইগৰু আৰু ম’হ।’ চাহ জনগোষ্ঠীৰ লোকৰ বাবে ভাল খবৰ দি শ্বাহে কয়, ‘‘চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা প্ৰদান কৰা হৈছে। অসমত বিজেপি চৰকাৰ হ’লে চাহ শ্ৰমিকক ৫০০ টকা মজুৰি প্ৰদান কৰা হ’ব।’’ প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে ৩ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অমিত শ্বাহে। তেওঁ কয়, ‘‘অসম এটা বৃহৎ ৰোড প্ৰস্তুত কৰিছে মোদী চৰকাৰে।’’ প্ৰতিখন জিলাত এখন মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰো প্ৰতিশ্ৰুতি দি উপস্থিত দুধনৈবাসীক পদুমৰ চিহ্নত ভোট দিবলৈ আহ্বান জনাই অমিত শ্বাহে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments