বৰপেটাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিত বিৰোধী মিত্ৰজোট সমৰ্থিত কংগ্ৰেছৰআৰু প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিশাল নিৰ্বাচনী জনসভা |
প্ৰায় ৫০ হাজাৰোধিক সমৰ্থকৰ উপস্থিতিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যসভাৰ সাংসদ ইমৰাণ প্ৰতাপগড়ী আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ লগতে মিত্ৰজোঁটৰ কেবাগৰাকীও নেতাই অংশগ্ৰহন কৰে |
কংগ্ৰেছৰ নেতা ইমৰান প্ৰতাপগড়ীৰ বিস্ফোৰক মন্তব্য-
ৰিনিকী ভূঞাৰ আছে দুখনকৈ ইছলামিক দেশৰ পাচপোৰ্ট।
মধ্য প্ৰাচ্যৰ সংযুক্ত আৰৱ ৰাষ্ট্ৰ আৰু ইজিপ্তৰ দুখন দেশৰ পাচপোৰ্ট।
আজি পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ নিৰ্বাচনী সভাত জয় জুবিন দা ধ্বনিৰে ইমৰান প্ৰতাপগড়ীৰ ভাষন।
এই নিৰ্বাচন জুবিন গাৰ্গৰ ন্যায় বিচৰা নিৰ্বাচন।
এই নিৰ্বাচনে প্ৰমাণ কৰিব জুবিন গাৰ্গে ন্যায় পাবনে নাপাব।
ইপিনে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে আনপিনে গৌৰৱ গগৈয়ে মহব্বতৰ কথা কৈ আছে।
বিজেপিৰ পৰা চৰকাৰ আনিবলৈ হ’লে কংগ্ৰেছক ভোট দিব লাগিব।
এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইচাৰাত অসমৰ মাটি আদানি আম্বানীক গতায় আছে হিমন্ত বিশ্ব শৰ্মা আৰু আনপিনে আছে অসমৰ গৌৰৱ,গৌৰৱ গগৈ।
ঘৃণাৰ পৰাজয় হ’ব মহব্বতৰ জয়ী হ’ব।
যিদিনা মহব্বতৰ জয়ী হ’ব সিদিনা মুখ্য মন্ত্ৰীৰ পৰাজয় হ’ব।
আৰু মুখ্য মন্ত্ৰী জেললৈ যাব।
এই খন ভ্ৰস্তাচাৰি চৰকাৰ, এই খন অসমক বিক্ৰী কৰা চৰকাৰ।
মুখ্য মন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞাৰ হাতত থকা তিনিখন পাচপোৰ্টৰ দুখনে ইছলামিক দেশৰ পাচপোৰ্ট বুলি ভাষণত উল্লেখ কৰে ইমৰান প্ৰতাপগড়ীয়ে।
ইপিনে সংবাদ মাধ্যমৰ আগত ইমৰান প্ৰতাপগড়ীৰ মন্তব্য –
ইমৰান প্ৰতাপগড়ীৰ দাবী জাকিৰ হুছেইন শিকদাৰৰ আজি নিৰ্বাচনী সভাত প্ৰায় একলাখ লোকৰ সমাবেশ ঘটিছে।
অসমৰ জনতাই পৰিবৰ্তন বিচাৰিছে।
হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা আৰু ভ্ৰস্তাচাৰি শাসনৰ অৱসান বিচাৰিছে।
ৰিনিকী ভূঞাৰ ইজিপ্ত আৰু ইউ এ ইৰ পাচপোৰ্ট থকাৰ কথা উল্লেখ কৰে ইমৰান প্ৰতাপগড়ীয়ে।
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগে তিনি খন কৈ দেশৰ লাইভ পাচপোৰ্ট কেনেকৈ থাকিব পাৰে।
এই দেশৰ বিৰুদ্ধে বিশ্বাসঘাতকতা।
এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা পৰাজিত হ’ব আৰু গৌৰৱ ৰাহুলৰ মহব্বতৰ জয়ী হ’ব।
পাকাবেতবাৰি ৰাইজক ধন্যবাদ জাকিৰ হুছেইন শিকদাৰৰ।
জাকিৰ হুছেইন শিকদাৰৰ দাবী জানযটৰ বাবে বহু মানুহ সভাত সুমাব পৰা নাই।
এয়া পাকাবেতবাৰী ৰাইজৰ জাকিৰ হুছেইন শিকদাৰ আৰু কংগ্ৰেছৰ প্ৰতি আশিৰ্বাদ।
পাকাবেতবাৰী ৰাইজে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ চৰকাৰ নিবিচাৰে।
আজিৰ জনসভাই এটা কথাই প্ৰমাণ কৰিছে ৯ এপ্ৰিলত পাকাবেতবাৰী ৰাইজে জাকিৰ হুছেইন শিকদাৰকে ভোট দিব।
পাকাবেতবাৰী ৰাইজে আজিয়েই নিৰ্বাচনী ফলাফল ঘোষণা কৰিলে।
