Saturday, May 2, 2026
Homeঅসমভেপিং কাণ্ডক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে ৰিয়ান পৰাগে!

ভেপিং কাণ্ডক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে ৰিয়ান পৰাগে!

পঞ্জাব কিংছৰ বিৰুদ্ধে মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দ্ৰ সিং PCA ষ্টেডিয়ামত সংঘটিত হোৱা ভেপিং কাণ্ডলৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম ৰিয়ান পৰাগে। শুকুৰবাৰে জয়পুৰৰ Sawai Mansingh Stadiumত ৯০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ৰিয়ান পৰাগে।

শেহতীয়াকৈ ক্ৰিকেটত বিশ্বত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসম তনয় ৰিয়ান পৰাগ। বিশেষকৈ খেলৰ মাজতে ড্ৰেছিং ৰূমত ভেপিং কৰাক লৈ সমালোচনাৰ সন্মুখীন হৈছে ৰিয়ান পৰাগ। কিন্তু শুকুৰবাৰে বেটেৰে যোগ্য প্ৰত্যুত্তৰ দিয়ে ৰিয়ানে। ফৰ্মলৈ ঘূৰি আহি ৰিয়ানে কয় যে তেওঁ ‘‘সমালোচকক উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ তেওঁৰ কাম হ’ল নিজৰ দলক জয়ী কৰা’’।পৰাগৰ ৫০ বলত ৯০ ৰান আৰু ডনোভান ফেৰেৰাৰ ১৪ বলৰ বিস্ফোৰক ৪৭ ৰানৰ ফলতে ৰাজস্থান ৰয়েলছে ২২৫ ৰান সংগ্ৰহ কৰে। অৱশ্যে শুকুৰবাৰে অনুষ্ঠিত IPLৰ মেচখনত দিল্লী কেপিটেলছৰ হাতত ৭ উইকেটত পৰাস্ত ৰাজস্থান।

ৰিয়ান পৰাগে কয়, ‘‘মই নাভাবো যে কোনো সমালোচক বা কোনোবাই (ভেপিং সম্পৰ্কে) কৈ থকা কথাবোৰৰ উত্তৰ দিয়াৰ মোৰ কোনো প্ৰয়োজন আছে। দিনটোৰ শেষত মোৰ কাম হ’ল দুটা পইণ্ট অৰ্জন কৰা। গতিকে, যদি আমি মেচখন হাৰো, তেন্তে মোৰ ব্যক্তিগত স্ক’ৰ বা ইনিংছৰ কোনো বিশেষ গুৰুত্ব নাথাকে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments