Friday, November 8, 2024
Homeঅসমনাগৰিকত্ব সংশোধনী আইনৰ ওপৰত ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ শুনানি

নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ শুনানি

ডিজিটেল ডেস্ক, ANEWS24X7: সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত শুনানি গ্ৰহণ কৰিব ৷ উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্টক লৈ গঠিত খণ্ড বিচাৰপীঠে গ্ৰহণ কৰিব এই শুনানি ।

উল্লেখ্য যে নাগিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো তীব্ৰ গণ অন্দোলন হৈছিল ৷ এটা সময়ত এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । যাৰ ফলত আৰক্ষীৰ গুলীত অকালতে প্ৰাণ বিসৰ্জন দিবলগীয়া হয় ৰাজ্যৰ ৫ গৰাকীকৈ যুৱকে । এই আইনখনক অসমৰ জনগণে জাতিধংসী আইন আখ্যা দিছিল ৷এই আইন খনক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ২০০ খনৰো অধিক আবেদন জনোৱা হৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments