Monday, June 1, 2026
Homeঅসম‘মা, অ’ বৰকৈ মনত পৰি আছে তোলৈ, এবাৰ দেউতা বুলি মাতিবিচোন মোক'

‘মা, অ’ বৰকৈ মনত পৰি আছে তোলৈ, এবাৰ দেউতা বুলি মাতিবিচোন মোক’

অকালতে হেৰাই যোৱা গোৰেশ্বৰৰ বিহুৱতী তথা নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ পিতৃৰ আৱেগিক পোষ্ট। কন্যাৰ স্মৃতি সুঁৱৰি সামাজিক মাধ্যমত পিতৃ ৰমেন হালৈয়ে দিছে পোষ্ট।

কন্যাশোক বুকুত লৈ এতিয়াও হাহাকাৰ কৰি উঠে ৰমেন হালৈয়ে। শুকুৰবাৰে সামাজিক মাধ্যমত ৰমেন হালৈয়ে কন্যাক সুঁৱৰি লিখিছে বিশেষ পোষ্ট। নিশামণিৰ নাগাৰা নাম প্ৰদৰ্শনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘মা, অ’ বৰকৈ মনত পৰি আছে তোলৈ, এবাৰ দেউতা বুলি মাতিবিচোন মোক। সদায় চাই থাকো তোক। হিয়াখন ভাগি গৈছে অ’ মা।’’

বিগত ২৫ এপ্ৰিলত তামুলপুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বিহুৱতী নিশামণি হালৈয়ে। নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা মৰ্মান্তিক দুৰ্ঘটনাটো।

নিশামণিৰ অকাল বিয়োগৰ সন্তাপে বুকু দহি থাকোঁতেই ঘৰখনলৈ নামিছে আন এক বিপদ। নিশামণিৰ মৃত্যুৰ এমাহ নৌহওঁতেই আঘাতৰ সন্মুখীন নিশামণিৰ ককায়েক পংকজ প্ৰতিম হালৈ। বুধবাৰে নিশামণিৰ ককায়েক পংকজৰ গালত সোমাই লোহা, পৰিছে ৭টা চিলাই। সম্প্ৰতি ঘৰতে আছে পংকজ।বুধবাৰে নিশা নিশামণি-পংকজৰ পিতৃ ৰমেন হালৈয়ে সামাজিক মাধ্যমযোগে সদৰী কৰিছিল এই খবৰ। পুত্ৰৰ আঘাতগ্ৰস্ত মুখমণ্ডলৰ ফটো এখন শ্বেয়াৰ কৰি দেউতাকে লিখিছিল এনেদৰে, ‘‘মুনুই এৰি যোৱা এমাহ নৌহওঁতেই বাবুৰ অঘটন। হে ভগৱান, এয়া তোমাৰ কি বিচাৰ প্ৰভু!’’

বৃহস্পতিবাৰে নিশা পংকজে ব্যাখ্যা কৰিছে ঘটনাৰ বৰ্ণনা। প্ৰকৃততে কি হৈছিল নিশামণিৰ ককায়েকৰ? কিদৰে গুৰুতৰ আঘাতৰ সন্মুখীন হ’ল পংকজ হালৈ? সামাজিক মাধ্যমযোগে পংকজে শ্বেয়াৰ কৰিলে ঘটনাৰ ব্যাখ্যা। পংকজ প্ৰতিমে লিখিছে, ‘‘আকৌ এটি অঘটন। কালি মই মৃত্যুমুখৰ পৰা বাচিলোঁ। বহুতে কথাটো গম পাই মোক ফোন কৰিছে, কিন্তু মই ফোন ৰিচিভ কৰিব পৰা নাই।’’

‘মই মুখখন মেলিব নোৱাৰোঁ, কথা ক’ব নোৱাৰোঁ, একো খাব নোৱাৰোঁ। ঘৰত অলপ কাম কৰি কৰি ঘৰৰ ‘চাজা’ত উঠিবলৈ লওঁতে মই পৰি গ’লোঁ, আৰু মোৰ মুখত আঁঠুৱাৰ ষ্টেণ্ড এডাল বৰ বেয়াকৈ সোমাই গ’ল। কেইবাটাও চিলাই কৰিবলগীয়া হৈছে, এতিয়াও মই অসুস্থ হৈ আছোঁ। ফোন ৰিচিভ কৰিব নোৱৰা বাবে মোক বেয়া নাপাব কোনেও। মোক মেছেজ কৰিলে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব যাতে মই সোনকালে সুস্থ হৈ উঠোঁ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments