Tuesday, July 28, 2026
Homeঅসমসৰ্থেবাৰীৰ জিৰো বাজাৰত জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল

সৰ্থেবাৰীৰ জিৰো বাজাৰত জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল

তফিকুৰ ৰহমান, সৰ্থেবাৰী: বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নিৰ্দেশনাত জিলাখনত ধাৰাবাহিকভাবে চলিছে ড্ৰাগছ বিৰোধী অভিযান। আজি সন্ধিয়া সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজোতি ডেকাৰ নেতৃত্বত উপ পৰিদৰ্শক অভিজিৎ গগৈ, মহিলা উপ পৰিদৰ্শক ময়ুৰী শৰ্মাসহ এটি আৰক্ষীৰ দলে চলোৱা অভিযানত জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাযুক্ত ঔষধৰ বটল। এক গোপন সূত্ৰৰ পম খেদি অতি সক্ৰিয়তাৰে তিনিটাকৈ স্থানত অভিযান চলাই আৰক্ষীয়ে বিভিন্ন ব্ৰেণ্ডৰ মুঠ ১৭২ টা নিচাযুক্ত ঔষধৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পাকা মৌজাৰ জিৰো বজাৰ আৰু পিঠাদি পামৰ পৰা জব্দ কৰা হ’ল এই নিচাযুক্ত ঔষধৰ বটলসমূহ।

পিঠাদি পামৰ আমিনুল ইছলামৰ ঘৰত আৰু জিৰো বজাৰত থকা আমিনুল ইছলামৰ মা-বাবা বীজ ভাণ্ডাৰ আৰু জিৰো বজাৰত থকা ৰকিবুল ইছলামৰ ফাৰ্নিচাৰৰ দোকানৰ পৰা জব্দ কৰা হয় এই নিচাযুক্ত ঔষধৰ বটল সমুহ। লগতে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত সৰ্থেবাৰী থানাৰ অন্তৰ্গত পিঠাদি পামৰ শুকুৰ আলীৰ পুত্ৰ আমিনুল ইছলাম(৩১) আৰু বৰপেটা সদৰ থানাৰ অন্তৰ্গত ভৈৰাগুৰি পামৰ চাহানুৰ আলীৰ পুত্ৰ ৰাকিবুল ইছলাম(২৩)ক আটক কৰে আৰক্ষীয়ে।

আমিনুল ইছলামৰ ঘৰ আৰু বীজ ভাণ্ডাৰৰ পৰা মুঠ ১৮ টি নিচাযুক্ত ঔষধৰ বটল আৰু ৰকিবুল ইছলামৰ ফাৰ্ণিচাৰৰ দোকানৰ পৰা ১৫৪ টা নিচাযুক্ত ঔষধৰ বটলজব্দ কৰা হৈছে। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি এই দুগৰাকী ড্ৰাগছ বেপাৰীয়ে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে। জিৰো বজাৰত থকা আমিনুল ইছলামৰ মা-বাবা বীজ ভাণ্ডাৰ আৰু ৰকিবুল ইছলামৰ ফাৰ্নিচাৰৰ দোকানৰ পৰা চলাই থকা হৈছিল এই অবৈধ ড্ৰাগছৰ বেহা। আমিনুলে ৰকিবুলৰ পৰা সংগ্ৰহ কৰিছিল নিচাযুক্ত ঔষধৰ বটল।

অঞ্চলটোত মদ, ড্ৰাগছ, গাঞ্জাৰ প্ৰচলন বৃদ্ধি হোৱাত সামাজিক পৰিৱেশ বিঘ্নিত হৈ আহিছে। ইয়াৰ মাজতেই বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তাগিদাত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জোতি ডেকাই কিছুদিনৰ পৰা ধাৰাবাহিক ভাবে অভিযান চলাই কেইবা ঠাইতো গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জাৰ বেপাৰী আটক কৰাৰ উপৰি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাত স্থানীয় লোকে সন্তোষ প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments