Tuesday, July 28, 2026
Homeঅসমবহিৰাগতক উচ্ছেদ কৰাৰ দাবীত ডিফুত অব্যাহত আছে প্ৰতিবাদ

বহিৰাগতক উচ্ছেদ কৰাৰ দাবীত ডিফুত অব্যাহত আছে প্ৰতিবাদ

কাৰ্বি আংলঙৰ দখলকৃত ভূমিৰ পৰা বহিৰাগতক উচ্ছেদ কৰাৰ দাবীত ডিফুত অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰে দ্বিতীয় দিনা এই প্ৰতিবাদত খিলঞ্জীয়া বহু কেইটা সংগঠনৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰি বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে সজোৰে দাবী উত্থাপন কৰে।

কাৰ্বি আংলঙৰ PGR-VGR ৰ লগতে চৰকাৰী ভূমিত অব্যাহত থকা বেদখল উচ্ছেদ কৰাৰ দাবীৰে সোমবাৰৰ পৰা দুদিনীয়াকৈ ডিফুত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ হৈছিল।

উচ্ছেদ প্ৰসংগত চৰকাৰে অব্যাহত ৰখা আলোচনাক ব্যৰ্থ বুলি ঘোষণা কৰি পুনৰ আন্দোলনমুখী হৈছে খিলঞ্জীয়া সংগঠনসমূহ।

উল্লেখ্য যে কাৰ্বি আংলঙৰ PGR-VGR ভূমিত উচ্ছেদৰ দাবীৰে যোৱা বৰ্ষত আন্দলনে হিংসাত্মক ৰূপ লোৱাত ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আন্দোলনকাৰীসকলৰ সৈতে কেইবালানি আলোচনা অনুষ্ঠিত কৰিছিল। কিন্তু এই আলোচনাত ফলপ্ৰসূ সিদ্ধান্ত বাহিৰ নোহোৱাত পুনৰ ৰাজপথত নামি পৰিছে খিলঞ্জীয়া ৰাইজ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments