ডিজিটেল ডেস্ক ANEWS24X7: বৃহস্পতিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বাৰানসী কনক্লেভৰ খতিয়ানৰ অংশ হিচাপে অসমত ‘‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’’ ৰূপায়ণ সম্পৰ্কে আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত সন্মিলনত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কেতবুৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , ‘‘ৰাজ্যৰ শিক্ষাৰ গুণগত আৰু গাঁথনিগত বিকাশৰ বাবে ‘‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’’ ৰূপায়ণৰ বাবে অসম চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ ৷ ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু শিক্ষা খণ্ডত জি ডি পি ৬ শতাংশই বিনিয়োগ কৰা হৈছে । ২০৩০ চনৰ ভিতৰত ৰাজ্যত ৩ হাজাৰলৈ মেডিকেল আসনৰ সংখ্যা বৃদ্ধি পাব।” তেওঁ লগতে কয় যে , ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন বিশ্ববিদ্যালয়ে নীতিৰ উপাদানসমূহ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইসমূহ কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে । প্ৰতিখন বিশ্ববিদ্যালয়ে শিক্ষা নীতিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয় সমাধানৰ বাবে এখন মূল সমিতি গঠন কৰাটো প্ৰয়োজন ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী , শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগু , অসম চৰকাৰৰ উচ্চ শিক্ষাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল উপস্থিত থাকে।