Saturday, September 19, 2026
Homeঅসমজুবিনময় সমগ্ৰ অসম

জুবিনময় সমগ্ৰ অসম

আজিৰ একেই সময়, একেই তাৰিখ, কেৱল চনটো আছিল ২০২৫৷
সকলো ব্যস্ত আছিল নিজ নিজ কাম৷ তাৰ মাজতে টিভিৰ স্ক্ৰীণত ভাহি উঠিছিল তিনিটা শব্দ ‘জুবিন আৰু নাই’৷ ছিংগাপুৰৰ সাগৰত বিলীন হাট্ৰথ্ৰ’ব জুবিন গাৰ্গ৷ আজি ১৯ ছেপ্টেম্বৰ। অসমীয়াৰ বাবে এটা অতি বেদনাদায়ক দিন, ক’লা দিন, কাহানিও নিবিচৰা দিন। ঠিক এটা বছৰৰ পূৰ্বে আজিৰ দিনটোতেই ছিংগাপুৰৰ সাগৰৰ পৰা আহিছিল সেই অপ্ৰত্যাশিত খবৰটো—আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। সময়ৰ বালিসৰাত ৩৬৫ টা দিন বাগৰি গ’ল, কিন্তু অসমীয়াৰ বুকুত অলপো কমা নাই জুবিন প্ৰতি থকা ভালপোৱা, মৰম।

অনুৰাগীৰ দুচকুত আজিও নিগৰিছে অশ্ৰু। কিন্তু অনুৰণিত হৈছে কেৱল জুবিনৰে কালজয়ী গান। জুবিনৰ গীতেৰে মুখৰিত আজি অসম।

জুবিনবিহীন প্ৰথমটো মৃত্যুবার্ষিকীত সোণাপুৰৰ ‘জুবিনক্ষেত্ৰ’ত সৃষ্টি হৈছে জনসমুদ্ৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত দেখা গ’ল আবেগিক পৰিৱেশ। নিশালৈকে অনুৰাগীৰ ভিৰে লোকাৰণ্য হৈ পৰে জুবিন ক্ষেত্ৰ। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি তুলিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় অগণন অনুৰাগী। অনুৰাগীৰ লগতে জুবিনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বহু তাৰকাও উপস্থিত হৈ নিবেদন কৰিছে শ্ৰদ্ধা। মৰমৰ শিল্পীগৰাকীক সুঁৱৰি আবেগিক হৈ পৰা দেখা গৈছে অনুৰাগীসকল। কোনোৱে যদি জুবিনৰ গান গাইছে, কোনোৱে জুবিনৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে।

ছিংগাপুৰৰ পৰা জুবিনক গুৱাহাটীলৈ অনাৰ সময়ত দেখা গৈছিল অভূতপূৰ্ব দৃশ্য। কাহানিও নেদেখা বহু দৃশ্য প্ৰত্যক্ষ কৰিছিল বিশ্ববাসীয়ে। জুবিন অসমবাসীৰ বাবে কি আছিল, সেয়া প্ৰত্যক্ষ কৰিছিল সমগ্ৰ দেশ-বিশ্বই। কি বিমানবন্দৰ, কি সৰুসজাই, কি সোণাপুৰ, সকলোতে দেখা গৈছিল লাখ লাখ মানুহ। সেই দৃশ্যসমূহ আজিও প্ৰতিগৰাকী অসমীয়াৰ চকুত সজল হৈ আছে, সকলোৰে মনত সজীৱ হৈ আছে। জুবিন আছে, জুবিন সদায় থাকিব, প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে, প্ৰতিজন অনুৰাগীৰ তেজে তেজে।প্ৰাণৰ শিল্পীগৰাকীৰ অস্তিত্ব বিচাৰি আজিও ‘জুবিন ক্ষেত্ৰ’ত অনুৰাগীৰ হাহাকাৰ৷ মহানায়কৰ মহাপ্ৰস্থানৰ এবছৰ পূৰ্ণ হোৱাৰ সময়ত ‘জুবিন ক্ষেত্ৰ’লৈ বৈছে অনুৰাগীৰ সোঁত৷ সকলোৰে মুখত এটাই শব্দ ‘জয় জুবিনদা’৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments